আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৬ সংখ্যক জন্মদিন। ১৮৩৫ চনৰ ১০ ডিচেম্বৰত শিৱসাগৰৰ ৰজাবাহৰ গাঁৱত জন্ম হোৱা হেমচন্দ্ৰ বৰুৱা হেম বৰুৱা নামেৰেও পৰিচিত। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা।
পদ্মনাথ গোহাঞি বৰুৱাই আমাৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে এইদৰে কৈছিল—
“হেমৰ কোষেৰে ওখ দৌল বান্ধি
ভাষাক সাৰথি কৰি
নুমাব লগীয়া অসমীয়া নাম
ৰাখিলা উজ্বল কৰি”।
সচাঁকৈয়ে অসমীয়া ভাষাৰ , অসমৰ আধুনিকতাৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱা। সমাজৰ এলান্ধু আঁতৰোৱা যুগৰ অগ্ৰগামী হেমচন্দ্ৰ বৰুৱা। সমাজৰ কুসংস্কাৰ , অন্ধবিশ্বাস আঁতৰাই অসমৰ আধুনিক মানসিকতাৰ বীজ ৰোপন কৰাৰ অন্যতম আছিল হেমচন্দ্ৰ বৰুৱা।
হেম বৰুৱাই সাহিত্যিক জীৱন আৰম্ভ কৰে ‘অৰুনোদয়’ত। ১৮৫৬ চনত ‘অৰুনোদয়’ত ‘সোণাৰচাঁদ’ নামৰ ছদ্মনামত তেওঁ প্ৰৱন্ধ লেখাৰ প্ৰমাণ পোৱা যায়।
প্ৰথমখন অসমীয়া অভিধান “হেমকোষ” প্ৰনেতা হেমচন্দ্ৰ বৰুৱা আছিল একেধাৰে —- বিশিষ্ট লেখক , সমাজ সংস্কাৰক । তেখেতৰ আন ৰচনাৱলী সমূহ হ’ল—-
অসমীয়া অভিধান (১৮৫৯)
আদিপাঠ (১৮৭৩)
পাঠশালা (১৮৮২)
অসমীয়া ল’ৰাৰ ব্যাকৰণ (১৮৮৬)
পঢ়াশালীৰ অভিধান (১৮৯২)
বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী
কানীয়াৰ কীৰ্তন (১৮৬১)
স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়।
ভাষা শিকিবলৈ আৰু শুদ্ধকৈ লিখিবলৈ , ছাত্ৰৰ কাৰণে উপযুক্ত সাহিত্য-পাঠ ব্যাকৰণ পুথি আৰু অভিধানৰ প্ৰয়োজন। হেমচন্দ্ৰ বৰুৱাই ছাত্ৰৰ এই অভাৱ দূৰ কৰি অসমীয়া সাহিত্যৰ ভৱিষ্যত ৰচনা কৰি থৈ গ’ল। তেওঁ ডেকা বয়সতে ৰচনা কৰা ‘কানীয়া কীৰ্তন’ আৰু ‘বাহিৰে ৰং-চং ভিতৰে কোৱা ভাতুৰী’ এই দুখন পুথিত অসমীয়া সমাজৰ অধঃপতনৰ ব্যঙ্গচিত্ৰ দাঙি ধৰিছে। কানি বৰবিহৰ গৰাহত পৰি কেনেকৈ চৰিত্ৰ আৰু সম্পত্তি দুয়োটাই নষ্ট পায় তাকেই ‘কানীয়া কীৰ্তনত’ উল্লেখ কৰিছে। ‘বাহিৰে ৰং-চং ভিতৰে কোৱা ভাতুৰী’ ত অসমীয়া সমাজৰ বাহ্যিক নৈষ্ঠিকতা আৰু আচাৰ-বৱহাৰৰ অন্তৰালত থকা ব্যভিচাৰ , ভণ্ডামি , দুৰ্নীতিৰ বিকট ৰূপটো প্ৰকাশ কৰিছে।
‘আসাম নিউচ’ কাকতৰ সম্পাদকৰূপেও হেমচন্দ্ৰ বৰুৱাই কৃতিত্বৰ পৰিচয় দি গৈছে। অসমীয়া পুথি সমূহৰ উপৰিও তেওঁ ইংৰাজীত লিখা Assamese Marriage System (অসমীয়া বিবাহ পদ্ধতি) এখন উল্লেখযোগ্য পুথি। ১৮৯৬ চনত গুৱাহাটীত তেখেতৰ মৃত্যু হয়।
উনবিংশ শতিকাৰ ভাষা , সাহিত্য আৰু অসমীয়া সমাজ জীৱনৰ অগ্ৰণী ব্যক্তি , ভাষাৰ ওজা গৰাকীৰ ওপজা দিনত শ্ৰদ্ধাৰে সুঁৱৰিছো।