আজি বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ ওপজা দিন । ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত জন্ম হৈছিল সাংবাদিক, মানৱ অধিকাৰ কর্মী পৰাগ দাসৰ ৷ গুৱাহাটীৰ চেনিকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুল আৰু কটন কলেজিয়েট স্কুলৰ পৰা তেওঁ ক্ৰমে প্ৰাথমিক, মাধ্যমিক আৰু হাইস্কুলীয়া শিক্ষা সম্পন্ন কৰে। ১৯৭৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰে। কটন কলেজৰ পৰা বিজ্ঞান শাখাত প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান অৰ্জন কৰে। দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা অৰ্থনীতি বিভাগত সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰি দিল্লীৰ ‘স্কুল অৱ্ ইকন্মিকছ’ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
১৯৮৪ চনত পঞ্জাৱ নেশ্যনেল বেংকত বিষয়া হিচাপে কাম কৰাৰ উপৰি ইউনিট ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সছেঞ্জত মহাপ্ৰবন্ধক হিচাপে যোগদান কৰে। ১৯৯৫ চনত চাকৰি এৰি অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰে পৰাগ দাসে ৷
উল্লেখ্য যে চাকৰিৰ ধনেৰে তেওঁ প্ৰকাশ কৰিছিল ‘বুধবাৰ’ নামৰ কাকতখন। এই সাপ্তাহিক কাকতখনে সেই সময়ত ৰাজ্যত তুমুল আলোড়নৰ সৃষ্টি কৰিছিল। ১৯৯২ আৰু ১৯৯৩চনত ৰাষ্ট্ৰ নিৰাপত্তা আইন আৰু টাডা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক।
এগৰাকী মানৱ অধিকাৰৰ কৰ্মী ৰূপে পৰাগ দাসে ১৯৯১চনৰ পৰাই মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সৈতে জড়িত হৈ পৰিছিল। মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ মাছৰ প্ৰথম আহ্বায়ক আছিল পৰাগ দাস।১৯৯৬ চনৰ ১৭ মে’ত ৰাজগড়ৰ লিংকৰোডত অচিনাক্ত দুৰ্বৃত্তই পৰাগ দাসক গুলীয়াই হত্যা কৰে ৷