আজি সোণোৱাল কছাৰী সকলৰ পবিত্ৰ খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ ৷ পৰম্পৰাগত ভাৱে সোণোৱাল কছাৰীসকলে এই উৎসৱ পালন কৰে ৷ এই উপলক্ষে সোণোৱাল কছাৰীসকলক শুভেচ্চা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱালে ৷
বৃহত্তৰ ডিব্ৰুগড় বাইথ’ সাংস্কৃতিক ক্ষেত্ৰ সমিতিৰ উদ্যোগত ডিব্ৰুগড়ৰ নিজ মানকটা গাঁৱত আয়োজিত “খ্ৰীং খ্ৰীং বাইথ’ পূজা”ত ৰাইজৰ সৈতে অংশগ্ৰহণ কৰি সেৱা আগবঢ়াওঁয় সোণোৱালে ৷ সমাজৰ শান্তি-সম্প্ৰীতি, প্ৰগতিৰ অৰ্থে বাইথ’ দেৱতাৰ শ্ৰীচৰণত নতশিৰে প্ৰাৰ্থনা জনাই সকলোৰে মংগল কামনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ‘গৰাকীয়ে ৷
সোণোৱালে এক শুভেচ্চা বার্তাত কয় –“ লোক-পৰম্পৰা, বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতি আৰু আধ্যাত্মিকতাৰে মুখৰিত “খ্ৰীং খ্ৰীং বাইথ’ পূজা”ই সমাজখনক সমন্বয়ৰ এনাজৰীৰে সুদৃঢ় কৰে আৰু নতুন উদ্দীপনা, আশাৰ বতৰা কঢ়িয়াই আনে। কৃষিভিত্তিক এই পাৰ্ৱণৰ আনন্দমুখৰ ক্ষণত সোণোৱাল কছাৰী ভাই-ভনীসকলৰ লগতে অসমবাসীক মোৰ আন্তৰিক ওলগ জনালোঁ আৰু সকলোৰে সৰ্বাংগীণ মংগল তথা শ্ৰীবৃদ্ধি কামনাৰে আৰাধ্য ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।“
ইফালে ডঃ হিমন্ত বিশ্ব শর্মাই কয় –“ অসমৰ সোণোৱাল কছাৰীসকলৰ উলাহৰ উৎসৱ খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ আটাইলৈ শুভকামনা জনাইছোঁ৷ মূলতঃ কৃষিভিত্তিক এই উৎসৱৰ সৈতে সংপৃক্ত হৈ আছে আধ্যাত্মিক ধ্যান-ধাৰণা৷ খ্রীং খ্রীং বাইথ’ক আজি এই পৱিত্ৰ দিনত আৰাধনা কৰি সকলোৰে মংগল কামনাৰে আশিস বিচাৰিলোঁ৷”