আজি বিশ্ব হস্তী দিৱস। ক্ৰমাগত ভাৱে বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাতৰ বিপৰীতে হাতীৰ সংৰক্ষণ আৰু সজাগতাৰ বাবে প্ৰতি বছৰে ১২ আগষ্টৰ দিনটো বিশ্ব হস্তী দিৱস হিচাপে পালন কৰি অহা হৈছে।
প্ৰকৃততে জনসংখ্যা বৃদ্ধিৰ বাবে সংকুচিত হৈ আহিছে হাতীৰ বিচৰণ থলী। খাদ্যৰ সন্ধানত হাতীয়ে জনাঞ্চলত প্ৰবেশ কৰিব লগীয়া হোৱাত হাতী মানুহৰ সংঘাত প্ৰতিদিনে বৃদ্ধি পাই আহিছে। কোনো কোনো ক্ষেত্ৰত হাতী অহা যোৱা পথবোৰ বন্ধ হৈ পৰাত সংঘাত সৃষ্টি হৈছে হাতী মানুহৰ।
কাজিৰঙাত বন বিভাগ আৰু কৰ্বেট ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলৰ মহল কেম্পত দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বিশ্ব হস্তী দিৱস।
হস্তী দিৱসৰ মূল লক্ষ্য হৈছে হাতী মানুহৰ সংঘাত নিৰ্মূল কৰি হাতীক জীয়াই থকাৰ সুবিধা প্ৰদান কৰা।
আনহাতে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিষয় ববীয়াৰ উপস্হিতিত হাতী সমূহৰ লগতে মাউত আৰু বন কৰ্মী সকলৰো স্বাস্থ্য পৰীক্ষা কৰা হয়। তাৰোপৰি হাতী মানুহৰ সংঘাত দূৰীকৰণৰ বাবে সজাগতা সভা অনুস্থিত কৰিব বুলি জানিবলৈ দিয়ে উদ্যান কতৃপক্ষই।