অতিশীঘ্ৰেই টোল প্লাজাত দীঘলীয়া শাৰী পতাৰ তিক্ত অভিজ্ঞতাৰ পৰা সকাহ পাব সাধাৰণ ৰাইজে ৷ ছয় মাহৰ ভিতৰত বন্ধ হ’ব দেশৰ সকলো টোলগে’ট ৷ ভাঙি পেলোৱা হ’ব টোলগে’ট সমূহ ৷ তাৰ পৰিৱৰ্তে জি পিএছ প্ৰযুক্তিৰে পৰিচালিত হ’ব এই ব্যৱস্থা ৷
সংসদত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ তেওঁ কয় যে ছমাহৰ ভিতৰত টোলগেট মুক্ত কৰা হ’ব দেশ ৷ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় ঘাইপথত ৬০ কিল’মিটাৰতকৈ অধিক গাড়ী চলোৱাৰ পিছত স্বয়ংক্ৰিয়ভাবে একাউণ্টৰ পৰা কটা হ’ব ধন ৷ জি পিএছ প্ৰযুক্তিৰে পৰিচালিত হ’ব এি ব্যৱস্থা ৷ এই ব্যৱস্থাৰ প্ৰৱৰ্তনৰ পিছতেই অন্ত পৰিব টোল প্লাজাত গাড়ীৰ দীঘলীয়া শাৰীৰ তিক্ততা ৷