কেৰেলাৰ কোল্লম জিলাত চলিত বৰ্ষৰ ৬মে’ তাৰিখে প্ৰথমবাৰৰ বাবে এই ৰোগৰ সংক্ৰমণ ধৰা পৰা বুলি প্ৰকাশ কৰিছে দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৷ চৰকাৰী চিকিৎসালয়ৰ তথ্য মতে এই পৰ্যন্ত ৫বছৰৰ তলৰ ৮২ত কৈও অধিক শিশু এই ৰোগত আক্ৰান্ত হৈছে ৷
কি এই টমেট’ ফ্লু?
কক্সচেকি এ ১৬ ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা এই টমেট’ ফ্লুৰ সংক্ৰমণৰ ফলত ৰুগীৰ শৰীৰত ৰঙা কিছুমান ফোঁহা উঠা দেখা যায় যাৰ ফলত ৰোগী গৰাকীয়ে বিষ অনুভৱ কৰে ৷ এই ফোঁহাৰ আকাৰ ক্ৰমাৎ বৃদ্ধি পাই এটা বিলাহীৰ দৰে হয় বাবে ইয়াক ‘টমেট’ ফ্লু’ বুলি নামাকৰণ কৰা হৈছে ৷
ইয়াৰ লক্ষণ সমূহ কি কি ?
এই ৰোগৰ ফলত ৰোগীৰ দেহত ফোঁহা উঠা , তীব্ৰ গাঁঠিৰ বিষ, তীব্ৰ জ্বৰ, ভাগৰ, বমি ,পানীলগা, শৰীৰৰ বিষ আৰু ডায়েৰিয়া আদি লক্ষণে দেখা দিয়ে ।
এই ৰোগৰ কোনো নিৰ্দিষ্ট ঔষধ নাই ৷ আনহাতে প্ৰাপ্ত বয়স্ক সকলৰ এই ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি হোৱা বাবে শিশুসকলৰ মাজতহে পৰিলক্ষিত হৈছে ইয়াৰ সংক্ৰমণ ৷
এই ক্ষেত্ৰত কি সাৱধানতা ল’ব ৰোগীয়ে ?
এই ৰোগত আক্ৰান্ত হোৱা সকলক প্ৰচুৰ পৰিমাণৰ পনীয়া খাদ্য সেৱন কৰাৰ লগতে আন লোকলৈ এই ৰোগ সংক্ৰমিত নহ’বৰ বাবে মানুহৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰালয়ে ৷
আনহাতে কেন্দ্ৰই দেশৰ ৰাজ্যসমূহক স্বাস্থ্য কৰ্তৃপক্ষৰ দ্বাৰা ইয়াৰ সঠিক পৰীক্ষাৰ লগতে ভালদৰে চোৱাচিতা কৰাৰ পৰামৰ্শ আগবঢ়াইছে ৷