বিশ্বৰ আগশাৰীৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত শুকুৰবাৰে সংঘটিত হয় এক অঘটন ৷ ভিন্ন ডিজাইনাৰাৰ পোচাক পৰিধান কৰি বিশ্বৰ জনপ্ৰিয় অভিনেত্ৰী আৰু মডেলসকলে ৰেড কার্পেটত খোজ কঢ়াৰ সময়তে ইউক্ৰেইনৰ এগৰাকী যুৱতীয়ে শৰীৰৰ কাপোৰ খুলি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷
ইউক্ৰেইনৰ পতাকাৰ ৰঙেৰে ৰং কৰা শৰীৰ প্ৰদর্শণ কৰিবলৈ যুৱতী গৰাকীয়ে ৰেড কাৰ্পেটত এনেদৰে প্ৰতিবাদ কৰাৰ লগতে “ আমাক বলাৎকাৰ কৰা বন্ধ কৰক” বুলি শ্লোগান দিয়ে ৷ তেওঁ চিঞৰি চিঞৰি ফটোগ্ৰাফাৰৰ সন্মুখত প্ৰতিবাদ কৰাৰ লগে লগে হাহাকাৰ লাগে আয়োজকসকলৰ মাজত আৰু তাৰ পিছত নিৰাপত্তাৰক্ষীয়ে যুৱতী গৰাকীক সেই স্থানৰ পৰা আঁতৰাই লৈ যায় ৷ টিল্ডা ছুইণ্টন আৰু ইদ্ৰিছ এলবাকে ধৰি কেইবা গৰাকীও অতিথিয়ে ৰেড কার্পেটত খোজ কঢ়াৰ সময়তে প্ৰতিবাদী কার্য ৰূপায়ন কৰে যুৱতী গৰাকীয়ে ৷
উল্লেখ্য যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে কয় যে ৰাছিয়াৰ সৈন্যই দখল কৰা অঞ্চলসমূহত কণ কণ শিশুৰ ওপৰত যৌন নিৰ্যাতনকে ধৰি “শতাধিক ধৰ্ষণৰ গোচৰ”ৰ অভিযোগ লাভ কৰিছে।ইতিমধ্যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধক লৈ ছবি মহোৎসৱত সৰৱ চর্চা হোৱা পৰিলক্ষিত হৈছে ৷ বৃহস্পতিবাৰে বিশেষ প্ৰদৰ্শন কৰা হ’ব “মাৰিউপলিছ ২” ৷ যোৱা মাহত ইউক্ৰেইনত নিহত হোৱা লিথুৱেনিয়াৰ পৰিচালক মান্টাছ ক্ভেডাৰভিচিয়াছে এই তথ্যচিত্ৰখন নির্মাণ কৰিছে ৷