দেশত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ ক্ৰমাৎ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ৷ ২০২২ চনত মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসা আৰু অপৰাধৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ পৰিসংখ্যা অনুসৰি এনেধৰণৰ অপৰাধৰ সংখ্যাবিগত বর্ষটোত ৩০ শতাংশ বৃদ্ধি পাইছে।
যোৱা বছৰ মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ অভিযোগৰ অধিকাংশই আছিল ঘৰুৱা হিংসাজনিত অভিযোগ । বহু মহিলা মানসিক নিৰ্যাতনৰ বলি হৈছে। কেৱল ২০২২ চনত ‘ঘৰুৱা হিংসাৰ বিৰুদ্ধে মহিলা সুৰক্ষা’ আইনৰ অধীনত আয়োগত ৬৫০০ অভিযোগ দাখিল কৰা হৈছিল। ইয়াৰ উপৰিও যোৱা ১ বছৰত মহিলাৰ বিৰুদ্ধে মুঠ ৩১ হাজাৰ অপৰাধমূলক অভিযোগ দাখিল কৰা হৈছে।
সংবাদ সংস্থা পিটিআইৰ সূত্ৰ অনুসৰি ২০২১ চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ২৩ হাজাৰ ৭০০ অভিযোগ ৰাষ্ট্ৰীয় মহিলা আয়োগলৈ দাখিল কৰা হৈছিল। ২০২২ চনত সেই সংখ্যা ৩০ হাজাৰ ৮০০ লৈ বৃদ্ধি পায়। ঘৰুৱা হিংসাক কেন্দ্ৰ কৰি ৬৯৭০টা গোচৰ আৰু ধনৰ বাবে মহিলাক হাৰাশাস্তি কৰা ৪৬০০টা গোচৰ পঞ্জীভুত হৈছে ৷
পৰিসংখ্যা অনুসৰি অধিকাংশ অভিযোগ উত্তৰ প্ৰদেশৰ ৷ মহিলাৰ বিৰুদ্ধে ১৬ হাজাৰ ৮৭২ (৫৪.৫ শতাংশ) অপৰাধৰ অভিযোগ লাভ কৰিছে উয়ত্তৰ প্ৰদেশৰ পৰা ৷ । ইয়াৰ পিছতে ৰাজধানী দিল্লীৰ পৰা ৩ হাজাৰ ৪টা অভিযোগ (১০ শতাংশ দাখিল কৰিছে )।তদুপৰি মহাৰাষ্ট্ৰ, বিহাৰ, হাৰিয়ানাত যোৱা এবছৰত ক্ৰমে ১৩৮১, ১৩৬৮ আৰু ১৩৬২টা মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছে।
দৰাচলতে ২০২২ চনত মহিলা আয়োগৰ ওচৰত দাখিল কৰা মুঠ অভিযোগৰ সংখ্যাইও অভিলেখ গঢ়িছে। মুঠ অভিযোগৰ সংখ্যা হৈছে ৩৩ হাজাৰ ৯০৬টা, যিটো ২০১৪ চনৰ পিছত সৰ্বাধিক। আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই কয়, ‘এই অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও আমি সজাগতা অভিযানো চলাইছো। কিন্তু এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত উদ্যোগ আৰু সজাগতাৰ প্ৰয়োজন আছে।”