জাকৈ,খালৈ,পল, চেপা,খ’খা,জাল আদি হাতে হাতে লৈ মাছ ধৰিবলৈ নমা অগনন লোকৰ উপস্থিতিৰে বৃহস্পতিবাৰে মুখৰিত হৈ পৰিল নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত দীঘলী বিল। উল্লেখ্য যে প্ৰায় দুশ বছৰ ধৰি বহাগ বিহুৰ উৰুকাৰ দিনা জিলাখনৰ বেবেজীয়াৰ সমীপৰ তথা পশ্চিমাঞ্চলৰ ৰাইজে মাজগাঁও, চকলাঘাট আৰু সোনাইৰ মাজত অৱস্থিত দীঘলী বিলত পৰম্পৰাগত ভাৱে পালন কৰি আহিছে এই সমূহীয়া মাছ ধৰা উৎসৱ । এইবেলিও গঞাঁ ৰাইজে ব্যপক উৎসাহ-উদ্দীপনাৰ মাজেৰে পালন কৰিছে সমূহীয়া মাছ ধৰা উৎসৱ । বৃহস্পতিবাৰে পুৱাৰে পৰা বটদ্রৱা সমষ্টিৰ জাজৰি, নসত্ৰ,ৰাইডঙীয়া,কাছমাৰী, পুখুৰীপাৰ,মাজগাঁও,কুজিদাঁহ, দলংঘাট,গা-খজুৱা,বৰচিলা,ন-ভেটি শিমলুগুৰি,দীঘলীপাৰ,হাতীচোং বৰডুবিয়া আইভেটি,খৌৰামোচৰ, দৰঙীয়াল,খাটোৱাল গাঁও,ক্ষেত্ৰী গাঁও,গজপুৰীয়া,জাজৰি,জলময়, গেদাৰবড়ি, ব্ৰাহ্মণ গাঁও আদি বিভিন্ন গাঁৱৰ পৰা দীঘলী বিললৈ মাছ ধৰিবলৈ আৰু মাছ ধৰাৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ অহা অগনন গঞাঁ ৰাইজৰ উপস্থিতিৰে ঐতিহ্যমণ্ডিত দীঘলী বিলৰ পাৰত এক উদুলি মুদুলি পৰিবেশ সৃষ্টি হয়। এনেদৰে জাতি- বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সমবেত হোৱা ৰাইজে দীঘলী বিলক এক সমন্বয়ৰ থলীলৈ ৰূপান্তৰিত কৰে । উলেখ্য যে স্বতঃস্ফুত আৰু ৰং- ধেমালিৰ মাজেৰে ঐক্য-সংহতিৰ উৎকৃষ্ট চানেকি দাঙি ধৰি গাঁৱৰ পুৰুষ-মহিলা,ডেকা-গাভৰুৰ লগতে কণ কণ ল’ৰা-ছোৱালীয়েও মাছ ধৰাৰ বাবে বিলৰ পানীত নামে যদিও পূৰ্বৰ তুলনাত মাছৰ সংখ্যা ভালেসংখ্যক হ্ৰাস পাইছে । যাৰ কাৰণে অধিকাংশই মাছ পোৱাৰ সক্ষম নহয়। কিন্তু ইয়াৰ বাবে কোনেৱে দুখ প্ৰকাশ নকৰি উৰুকাৰ বহু আকাংক্ষিত এই দিনটোত দীঘলী বিলত পৰম্পৰাক জীপাল কৰি তোলে। আনকি বহু কেইজন লোকে বিলৰ পাৰতেই বিহুগীত জুৰি নৃত্য-গীতত মচগুল হৈ বিহুৰ আনন্দত মতলীয়া হৈ এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে ।