যোৰহাটৰ শল’মৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দেওবাৰে পুৱতি নিশা সংঘটিত এই দুর্ঘটনাত দুজন যুৱকৰ থিতাতে মৃত্যু হয় ৷নিহত যুৱক দুজন বিশ্বজিৎ বনিয়া আৰু সিদ্ধাৰ্থ হাজৰিকা বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি বিশ্বজিৎ বনিয়া, সিদ্ধাৰ্থ হাজৰিকা আৰু পিংকু বনিয়া নামৰ তিনি যুৱকে ভাওনা চাই ঘৰলৈ উভতি আহি থকা অৱস্থাতে দুর্ঘটনাতো সংঘটিত হয় ৷তেওঁলোকৰ বাহনখনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই এঘৰ মানুহৰ চৌহদত থকা ভৰালঘৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে ৷ এই দুর্ঘটনাত যুৱক দুজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে পিংকু গুৰুতৰভাৱে আহত হয় ৷
দুৰ্ঘটনাৰ পিছতেই আহত যুৱকজনক যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়। ইফালে, দুৰ্ঘটনাত পতিত হোৱা আটাইকেইজন যুৱকৰ ঘৰ ধলাজানত বুলি জানিব পৰা গৈছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ধলাজান অঞ্চলত শোকৰ ছাঁ পৰিছে ৷