ৰাজ্যত নিতৌ বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা । দৈনিক পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাবটি লৈছে বহু লোকে। বৃহস্পতিবাৰে পুনৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তর্গত হাজৰিকাপাৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
ছিপাঝাৰৰ হাজৰিকাপাৰাত সংঘটিত এই শোকাৱহ পথ দুৰ্ঘটনাত নিহত হয় অপূৰ্ব ডেকা নামৰ যুৱকজনৰ। জানিব পৰা মতে, অপূৰ্ব ডেকাই বাইকেৰে আহি থাকোতে পথৰ কাষৰ গছত প্রচণ্ড খুন্দা মাৰে।
এই দুৰ্ঘটনাৰ পিছত গুৰুতৰভাৱে আহত যুৱকজনক চিকিৎসালয়লৈ প্রেৰণ কৰা হয় যদিও চিকিৎসালয় পোৱাৰ আগতে তেওঁৰ মৃত্যু ঘটে ৷ মৃত যুৱকজনৰ ঘৰ ছিপাঝাৰৰ হাজৰিকাপাৰা দেৱানন্দত।