পোহনীয়া জন্তুৰ মালিকসকলৰ বাবে ভাৰতীয় ৰেলৱেই আনিছে এটা ভাল খবৰ। পোহনীয়া কুকুৰ আৰু মেকুৰীৰ বাবে অনলাইন টিকট বুকিং সেৱা আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে মন্ত্ৰালয়ে। এই প্ৰস্তাৱ গৃহীত হ’লে ৰে’ল যাত্ৰীসকলে কোনো ধৰণৰ হেঁচা নোহোৱাকৈ পোহনীয়া জন্তুৰ সৈতে ৰে’লযোগে যাত্ৰা কৰিব পাৰিব।
এতিয়া পোহনীয়া জন্তুৰ অভিভাৱকে প্ৰথম শ্ৰেণীৰ এচি কেবিন বা কুপ টিকট বুকিং কৰিব লাগিব। সমগ্ৰ কেবিনটো বুকিং হৈ গ’লেহে তেওঁলোকে পোহনীয়া জন্তুৰ সৈতে যাত্ৰা কৰিব পাৰিব। যাত্ৰাৰ দিনা প্লেটফৰ্ম পাৰ্চেল বুকিং কাউণ্টাৰত পোহনীয়া জন্তুৰ টিকট সংগ্ৰহ কৰিব লাগিব। পোহনীয়া জন্তুটোৰ সৈতে ৰে’লখন যাত্ৰাৰ এঘণ্টা আগতেই ষ্টেচনত উপস্থিত হ’ব লাগিব। ষ্টেচনলৈ যোৱাৰ পিছত পাৰ্চেল অফিচলৈ যাব লাগিব। তাত যাত্ৰীজনে কনফাৰ্ম টিকট, পোহনীয়া জন্তুৰ টিকাকৰণৰ প্ৰমাণ পত্ৰ আৰু ভ্ৰমণৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব। এই কাম কৰাৰ পিছত পোহনীয়া জন্তুৰ ওজন কৰা হয় আৰু প্ৰতি কিলোগ্ৰামত ৩০ টকা লোৱা হ’ব। এই প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ হোৱাৰ পিছত আপুনি টিকট লাভ কৰিব । যাত্ৰীৰ বিপদ হ্ৰাস কৰিবলৈ ৰে’ল মন্ত্ৰালয়ে পোহনীয়া জন্তুৰ বাবেও অনলাইন টিকটৰ ব্যৱস্থা কৰিবলৈ আগ্ৰহী। ইয়াৰ বাবে আই আৰ চি টি চিৰ চফটৱেৰ সলনি কৰাৰ প্ৰস্তুতি চলি আছে।
পোহনীয়া জন্তুৰ টিকট অনলাইন বুকিং কৰাৰ পিছত ইয়াৰ ফটোকপি দাখিল কৰিব লাগিব । পোহনীয়া জন্তুৰ সকলো টিকাকৰণ শেহতীয়া হোৱাটো নিশ্চিত কৰিব লাগিব । সকলো প্ৰমাণ পত্ৰ আৰু ফিটনেছৰ প্ৰমাণ পত্ৰও যাত্ৰাৰ ২৪ ঘণ্টাৰ পৰা ৪৮ ঘণ্টা আগতে পশু চিকিৎসকৰ পৰা লৈ যাব লাগিব ৷