গুৱাহাটী ১০ নৱেম্বৰঃ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু সদৌ অসম নিচা মুক্তি কেন্দ্ৰ সংস্থাৰ সহযোগত ‘নিচামুক্ত ভাৰত অভিযান’ৰ অধীনত আজি জিলাখনৰ বিভিন্ন নিচামুক্তি আৰু পুনঃ সংস্থাপন কেন্দ্ৰৰ কৰ্মকৰ্তাসকলৰ বাবে এটা এদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়৷
সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ বেলতলাস্থিত সভাকক্ষত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰত প্ৰায় ৪০ টা নিচামুক্তি কেন্দ্ৰৰ কৰ্মকৰ্তাই অংশ লয়। প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম ছেত্ৰী, জিলা সমাজ কল্যাণ বিষয়া সন্তোষ কুটুম আৰু বিশিষ্ট মনোবিজ্ঞানী ডাঃ সংগীতা গোস্বামী উপস্থিত থাকে৷
মনোবিজ্ঞানী ডাঃ গোস্বামী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডাঃ বিষ্ণু বাচ্যালকে ধৰি কেবাগৰাকী সমল ব্যক্তিয়ে কৰ্মকৰ্তা সকলক নিচামুক্তি কেন্দ্ৰৰ পৰিচালনা, পৰামৰ্শদানৰ সঠিক পদ্ধতি, মানসিক স্বাস্থ্য আৰু ইয়াৰ সজাগতাৰ গুৰুত্ব আদি বিষয়ত প্ৰশিক্ষণ দিয়ে৷