শিশুৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰণয়ন কৰা আইনসমুহৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে দেওবাৰে গুৱাহাটীত অনু্ষ্ঠিত হয় অধিবক্তাসকলৰ বাবে এক বিশেষ প্ৰশিক্ষণ কার্যসূচীৰ ৷ সদৌ অসম উকীল সন্থা আৰু বেচৰকাৰী সংস্থা ৱর্ল্ড ভিজনৰ সৌজন্যত বেলতলাৰ ভবেন্দ্ৰালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণ কার্যসুচীত জুভেনাইল জাষ্টিচ এক্ট,প্ৰটেকচন অৱ চিলড্ৰেন ফ্ৰম ছেক্ছুৱেল অফেনচেচ এক্ট,চাইল্ড লেবাৰ (প্ৰহিবিচন এণ্ড ৰেগুলেচন )এক্ট, ইম্মৰেল ট্ৰেফিক এক্টৰ ওপৰত বিশেষভাবে প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা ৷ বন্তি প্ৰজ্বলনেৰে তেওঁ এই প্ৰশিক্ষণ কার্যসূচীৰ শুভাৰম্ভনি কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা চিন্ময় চৌধুৰীয়ে অধিবক্তাসকলৰ দায়িত্ব আৰু কর্তব্যৰ বিষয়ে উল্লেখ কৰে ৷ সদৌ অসম উকীল সন্থাৰ সভাপতি ডেভিড লেজাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ভাষন প্ৰদান কৰে উকীল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে এই প্ৰশিক্ষণ কার্যসূচীৰ উদ্দেশ্য বাখ্যা কৰে ৷
এই প্ৰশিক্ষণ কার্যসুচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ আই জি পি সুৰেন্দ্ৰ কুমাৰ ৷ শিশু অধিকাৰ আৰু নির্যাতনৰ ক্ষেত্ৰত অসম আৰক্ষীৰ দায়িত্ব সন্দর্ভত তেওঁ ভাষণত উল্লেখ কৰে ৷ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১২০ গৰাকী অধিবক্তাই এই প্ৰশিক্ষণ কার্যসূচীত অংশগ্ৰহণ কৰে ৷
প্ৰশিক্ষণ কার্যসুচীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰে ৷ সামৰণি সভাত সভাপতিত্ব কৰে বাৰ কাউন্সিল অৱ আসাম, নাগালেণ্ড আদিৰ প্ৰাক্তন অধ্যক্ষ শৈলেন্দ্ৰ কুমাৰ দাসে ৷
প্ৰশিক্ষণ কার্যসূচীৰ অন্তত সদৌ অসম উকীল সন্থা আৰু ৱর্ল্ড ভিজনৰ তৰফৰ পৰা অংশগ্ৰহণ কৰা অধিবক্তাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ সন্থাৰ প্ৰচাৰ সম্পাদক কিশোৰ কুমাৰ কলিতাই শলাগৰ শৰাই আগবঢ়াই ৷