ত্ৰিপুৰাত সংঘটিত হৈছে এক শোকাবহ ঘটনা ৷ দক্ষিণ ত্ৰিপুৰাৰ চাব্ৰুমত এটা পৰিত্যক্ত টেংক পৰিষ্কাৰ কৰোঁতে শ্বাসৰুদ্ধ হৈ তিনিজন শ্ৰমিকৰ মৃত্যু হৈছে।ইফালে আন এজন ব্যক্তিৰ অৱস্থা সংকটজনক ৷ জানিবপৰা মতে বৰ্তমান তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
স্থানীয় লোকসকলৰ মতে, টেংকটো মালিকসকলে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰা নাছিল। ঘটনাটো সংঘটিত হৈছিল যেতিয়া টেংকটো পৰিষ্কাৰ কৰিবলৈ নিয়োজিত চাৰিজনৰ ভিতৰত এজন কৰ্মী ইয়াত প্ৰৱেশ কৰাৰ পিছত অজ্ঞান হৈ পৰিছিল আৰু বাকী তিনিজন শ্ৰমিকে তেওঁক উদ্ধাৰ কৰিবলৈ জঁপিয়াই পৰিছিল। টেংকৰ ভিতৰত বিষাক্ত বায়ুৰ বাবে তেওঁলোকো মূৰ্ছা গৈছিল। পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াসকল উপস্থিত হৈ শ্ৰমিকসকলক উদ্ধাৰ কৰে যদিওতিনিজন শ্ৰমিকে মৃত্যুক আকোৱালি লয় ।
নিহত সকলক আব্দুল কালাম শ্বেখ (২৯), ছাইদুল ইছলাম (১৯) আৰু ভজন সিং (৪০) বুলি চিনাক্ত কৰা হৈছে। আনহাতে আঘাতপ্ৰাপ্ত ব্যক্তিজনক ৰতন দে (২৮) বুলি জানিব পৰা গৈছে।