ত্ৰিপুৰাৰ পৌৰ নিকায়ৰ নির্বাচনত বৃহৎ বিজয় লাভ কৰিছে শাসনাধিষ্ঠিত বিজেপিয়ে ৷ ১৩ খন স্থানীয় নিকায়ৰ ৩৩৪ খন আসনৰ ভিতৰত ৩২৯ খন আসনতে জয়লাভ কৰিবলৈ সক্ষম হৈছে বিজেপি ৷ আনহাতে, ত্ৰিপুৰাৰ নির্বাচনত ভাগ্য উদয় নহ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ ৷ সেইদৰে আশানুৰূপ ফলাফল লাভ নকৰিলে চি পি এম দলেও ৷ ত্ৰিপুৰা পৌৰ নিগম, ১৩খন পৌৰ সভা আৰু ৬ খন নগৰ পঞ্চায়তৰ বাবেও নির্বাচন অনুস্থিত হৈছিল ৷ প্ৰধান বিৰোধী দল চি পি এম,তৃণমূল কংগ্ৰেছ আৰু আঞ্চলিক দল ত্ৰিপুৰা মঠাই মাত্ৰ ৫ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হ’ল ৷ উল্লেখযোগ্য যে নির্বাচন অনুষ্ঠিত হোৱা মুঠ আসনৰ ভিতৰত ১১২ খন বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছিল বিজেপিয়ে ৷ ত্ৰিপুৰাৰ নির্বাচনক লৈ এইবাৰ ব্যাপক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছিল তৃণমূল কংগ্ৰেছ ৷ আনকি তৃণমূল কংগ্ৰেছৰ উপস্থিতিৰ বাবে সংঘর্ষৰো সূত্ৰপাত হৈছিল ত্ৰিপুৰাত ৷ বিজেপিৰ বৃহৎ বিজয়ৰ পাছতে তৃণমূল কংগ্ৰেছে ৰাজ্যখনৰ শেহতীয়া নির্বাচনত ৰিগিং হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷