ফেচবুক, ইনষ্টাগ্ৰামৰ পিছত মেটাই ছ’চিয়েল মিডিয়া হিচাপে মুকলি কৰিলে এটা নতুন এপ ‘থ্ৰেডছ’। মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গৰ মতে, থ্ৰেডছ সকলোৰে বাবে আলোচনাৰ এক মুকলি মঞ্চ। কিন্তু কিছুমানৰ মতে থ্ৰেডছৰ জন্ম হৈছিল ইলন মাস্কৰ টুইটাৰক প্ৰত্যাহ্বান জনাবলৈ ৷ নিয়মীয়াকৈ টুইটাৰ ব্যৱহাৰ কৰা যিকোনো ব্যক্তিয়েই জানে যে টুইটাৰত নিয়মবোৰ অহৰহ সলনি হৈ থাকে। বহুতে টুইটাৰ ব্যৱহাৰ কৰাত আৰাম নাপায়। বহুতে ভাবে যে টুইটাৰৰ প্ৰতি থকা ক্ষোভ আৰু হতাশাৰ এই পৰিৱেশত মেটাৰ প্ৰতিষ্ঠাপক-চিইঅ’ই থ্ৰেডছক বজাৰলৈ আনি মাস্কক চাপত ৰাখিবলৈ চেষ্টা কৰিছে।
এই মেটা থ্ৰেডছ এপটো কি?
মেটাৰ ইনষ্টাগ্ৰাম গোটটোৱে থ্ৰেডছ এপটো তৈয়াৰ কৰিছিল। সেইবাবেই থ্ৰেডছ ব্যৱহাৰ কৰিবলৈ ইনষ্টাগ্ৰাম একাউণ্ট থকাটোৱেই প্ৰধান প্ৰয়োজনীয়তা। এই এপটোত নিজৰ টেক্সট পোষ্ট কৰাৰ উপৰিও আন ব্যৱহাৰকাৰীৰ সৈতেও মত বিনিময় কৰিব পাৰিব। অৱশ্যে এটা সময়ত ৫০০টাতকৈ অধিক আখৰ লিখিব নোৱাৰিব এই পোষ্টত । টেক্সটৰ উপৰিও বিভিন্ন লিংক, ইমেজ, ভিডিঅ’ও শ্বেয়াৰ কৰিব পাৰিব। যিহেতু থ্ৰেডছ এপটো ইনষ্ট্ৰগ্ৰাম লিংকৰ সৈতে জড়িত, গতিকে মেটাৰ নিয়ম অনুসৰি ইনষ্ট্ৰাগ্ৰাম ষ্টৰীত যিকোনো থ্ৰেডছ পোষ্ট যোগ কৰিব পাৰিব। ইনষ্টাগ্ৰামত ফ’ল’ কৰা লোকসকলে, থ্ৰেডছত তেওঁলোকৰ পোষ্ট চাব পাৰে। ইয়াৰ উপৰিও নতুন বন্ধুত্ব গঢ়ি তোলাৰ সুবিধাও আছে। এপল এপ ষ্ট’ৰ আৰু গুগল প্লে ষ্ট’ৰ দুয়োটাৰে পৰা থ্ৰেডছ এপটো বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব।
এই এপটো কেনেকৈ ব্যৱহাৰ কৰিব?
এপটো ব্যৱহাৰ কৰাতো অতি সহজ। যদি আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্ট নাই তেন্তে প্ৰথমে ইনষ্ট্ৰাগ্ৰাম একাউণ্ট খুলিব লাগিব ৷ তাৰ পিছত আপুনি থ্ৰেডছ এপত যোগদান কৰিব পাৰিব। কাৰণ এই এপটোত চাইন ইন কৰিবলৈ ইনষ্টাগ্ৰাম লগইনৰ তথ্যৰ প্ৰয়োজন হ’ব। কোনে থ্ৰেডছ পোষ্ট চাব পাৰে আৰু কোনে চাব নোৱাৰে সেয়া ব্যৱহাৰকাৰীয়ে নিয়ন্ত্ৰণ কৰিব পাৰে । ইচ্ছা কৰিলে এটা প্ৰফাইল আনফ’ল’ কৰা, ৰিপ’ৰ্ট কৰা, ব্লক কৰাও সম্ভৱ। অৱশ্যে যিসকলৰ প্ৰফাইল ইনষ্টাগ্ৰামত ব্লক বা আনফ’ল’ কৰা হৈছে, সেই একাউণ্টসমূহ থ্ৰেডছতো ব্লক কৰা হ’ব। থ্ৰেডছ এপ মুকলি কৰাৰ কিছু ঘণ্টাৰ ভিতৰতে ৫০ লাখৰো অধিক লোকে যোগদান কৰে। আৰু ছয় ঘণ্টাৰ পাছত এই সংখ্যা কোটিত উপনীত হয় ৷