টুইটাৰৰ নাম আৰু ল’গ’ পুনৰ সলনি কৰা হ’ব ৷ কেইবাটাও টুইটযোগে এই কথা সদৰী কৰিছে টুইটাৰৰ মালিক ইলন মাস্কে। এটা টুইটত মাস্কে লিখিছে, “আমি অতি সোনকালে ব্ৰেণ্ড টুইটাৰক বিদায় দিম আৰু ষ্টেপ বাই ষ্টেপ সকলো চৰাইক বিদায় দিম।” টুইটাৰৰ কথা ভাবিলে চকুৰ সন্মুখলৈ অহা ইয়াৰ প্ৰতীক নীলা চৰাইটোক বিদায় দিয়াৰ কথা মাস্কে কোৱা বুলি অনুভৱ কৰা হৈছে ৷
টুইটাৰৰ নতুন ল’গ’ শীঘ্ৰে চূড়ান্ত হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। টুইটাৰ হেণ্ডেলৰ টুইটত ‘এক্স’ শব্দৰ ব্যৱহাৰেও নতুনকৈ জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। মাস্কে এই শব্দটো আগতেও ব্যৱহাৰ কৰিছে। বহুতে ভাবে যে টুইটাৰৰ নতুন নামটো হ’ব পাৰে ‘এক্স’। সেই ক্ষেত্ৰত মাস্কৰ মালিকানাধীন এক্স কৰ্প ইমান দিনে স্বতন্ত্ৰ কোম্পানী হিচাপে কাম কৰি অহা টুইটাৰৰ নিয়ন্ত্ৰণলৈ আহিব পাৰে। যোৱা অক্টোবৰ মাহত মাস্কে এটা টুইটযোগে ঘোষণা কৰিছিল যে টুইটাৰক এক্সলৈ ৰূপান্তৰিত কৰা হ’ব, যিটো সকলোৰে বাবে এটা প্লেটফৰ্ম হিচাপে বিবেচিত হ’ব । বিশ্বাস কৰা হৈছে যে মাস্কৰ টুইটাৰে এইবাৰ সেই লক্ষ্যৰ দিশে আগবাঢ়িব।