অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচিৰ ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিত অভিযুক্ত এপিএছ বিষয়া সুকন্যা দাসক বিশেষ তদন্তকাৰী গোট চমুকৈ এছআইটিৰ সন্মুখত হাজিৰ হ’ব লাগিব। অহা এক ডিচেম্বৰত সুকন্যাক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। লগতে আন এজন এপিএছকো হাজিৰ হোৱাৰ নিৰ্দেশ দিছে এছআইটিয়ে ৷বৰ্তমান সুকন্যা দাস গুৱাহাটী ক্ৰাইম বাঞ্চৰ এডিচিপি হিচাপে কৰ্মৰত হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি ন্যায়িক আয়োগে সুকন্যা দাসৰ ৮ খন উত্তৰবহী লাভ কৰিছিল ৷ অথচ মূল পৰীক্ষাত মাত্র ৬ টা বিষয়ৰহে প্রশ্নোত্তৰ লিখিব লাগে। ইয়াৰ পিছতেই সুকন্যা দাসৰ দুখন বহী জাল বুলি প্রমাণিত হৈছে। এই ঘটনা সংক্ৰান্তত ন্যায়িক আয়োগে সুকন্যা দাসক দুবাৰকৈ তলৱ কৰিছিল যদিও সুকন্যা হাজিৰ হোৱা নাছিল।
ইপিনে আজি এচিএছ বিষয়া আকাশী দুৱৰাৰ আৰু ত্ৰিদিব ৰয় এছআইটিৰ সন্মুখত হাজিৰ হৈছে ৷ দুয়োজনৰ বিৰুদ্ধে ন্যায়িক আয়োগে বিস্ফোৰক তথ্য লাভ কৰিছে। জানিব পৰা মতে, আকাশী দুৱৰাকপৰীক্ষাত ২২০ নম্বৰ বঢ়াই দিয়া হৈছিল। কেলেংকাৰীত অভিযুক্ত থকা প্ৰত্যেকজন বিষয়া নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এছআইটিৰ সন্মুখত হাজিৰ হ’ব লাগিব। ইয়াৰ পূর্বে এছআইটিয়ে জেৰাৰ অন্তত দুই বিষয়াক গ্ৰেপ্তাৰ কৰিছিল ৷ সেয়েহে আকাশী দুৱৰা আৰু ত্ৰিদিব ৰয়কো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে এছআইটিয়ে ৷