চৰাইদেউত পুনৰ নিষিদ্ধ ঘোষিত সগঠন আলফা (স্বাঃ) কেডাৰে আত্মসমৰ্পণ কৰিছে ।সোণাৰিত সংগঠনটোৰ দুজন কেডাৰে আত্মসমৰ্পণ কৰিছে ।
আত্মসমর্পন কৰা কেডাৰ দুজন কেপ্টেইন নয়ন পাটমাউত ওৰফে বিকাশ অসম আৰু দীপক হাতীবৰুৱা ওৰফে দিব্য অসম বুলি জানিব পৰা গৈছে ।
দুয়োজন কেডাৰে আৰক্ষীক জমা দিছে দুটা গ্রেনেড, দুটা ৯ এম এম পিষ্টল।লগতে ২৫ ৰাউণ্ড সক্রিয় গুলী জমা দিয়ে বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে শেহতীয়া কিছু ঘটনাৱলীয়ে আলফাৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বিশেষকৈ কেইবাজনো কেডাৰক মৃত্যদণ্ড বিহা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷