অসমৰ দুগৰাকী খেলুৱৈ ৰোহণ হাজৰিকা আৰু জিন্টিমণি কলিতা নিৰ্বাচিত হৈছে ১৯ বছৰ অনুৰ্ধ্ব পুৰুষ আৰু মহিলা ভাৰতীয় এদিনীয়া চেলেঞ্জাৰ ট্ৰফীৰ বাবে৷ ৰোহণে টিম ‘এ’’ত স্থান পোৱাৰ বিপৰীতে জিন্টিয়ে স্থান পাইছে টিম ‘বি’’ত৷
পুৰুষৰ চেলেঞ্জাৰ খেলখন আহমেদাবাদত আজিৰে পৰা আৰম্ভ হৈছে আৰু ১০ নৱেম্বৰলৈ চলিব৷ আনহাতে আজিৰ পৰা জয়পুৰত আৰম্ভ হোৱা মহিলা চেলেঞ্জাৰ ক্ৰিকেট খেল খন ৭ নৱেম্বৰলৈ চলিব৷