উত্তৰাখণ্ডত সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলনৰ ঘটনা ৷ ১২ নৱেম্বৰত সংঘটিত ভূমিস্খলনৰ ফলত নির্মীয়মান এটা সুৰংগ পথৰ ভিতৰত আবদ্ধ হৈ পৰিছে ৪০ জন শ্ৰমিক। সুৰংগটোত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলৰ ভিতৰত অসমৰো ২জন শ্ৰমিক আৱদ্ধ হৈ আছে । আৱদ্ধ শ্ৰমিক দুজন কোকৰাঝাৰৰ ৰামফল বিলৰ ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী বুলি জানিব পৰা গৈছে।
বৰ্তমানলৈ ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰীৰ কোনো সম্ভেদ লাভ কৰা নাই পৰিয়ালৰ লোকে। অৱশ্যে একে স্থানতে কৰ্মৰত সঞ্জয় বসুমতাৰীৰ ভাতৃ ৰকেট বসুমতাৰীৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে পৰিয়ালৰ লোক। সৌভাগ্যক্ৰমে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত সুৰংগৰ বাহিৰত আছিল ৰকেট বসুমতাৰী।
উত্তৰকাশীৰ ছিল্কয়াৰ পোল গাঁও বৰকোটত নতুনকৈ নিৰ্মাণ কৰা সুৰংগটোত দেওবাৰে পুৱা ৫:৩০ বজাত শ্ৰমিক সকলে কাম কৰি থকা অৱস্থাতে ভূমিস্খলন সংঘটিত হয় ৷ তাৰ পাছৰ পৰাই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে সংশ্লিষ্ট বিভাগে দিনে-নিশাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। তেওঁলোকক বাহিৰৰ পৰা পাইপৰ জৰিয়তে অক্সিজেন আৰু খাদ্য যোগান ধৰা হৈছে ৷ প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে বার্তালাপ কৰি পৰিস্থিতিৰ বুজ লৈছে ৷