সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)ৰ শিবিৰত সংগঠনবিৰোধী কামকাজত লিপ্ত হৈ থকাৰ বাবে একাংশ কেডাৰক মৃত্যুদণ্ড বিহাৰ তথ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইয়াৰ মাজতে ম্যানমাৰৰ শিৱিৰৰ পৰা পলায়ন কৰি অহা এজন কেডাৰে আত্মসমর্পন কৰিছে ৷ তিনিচুকীয়াৰ ফিল’বাৰীত আত্মসমৰ্পণ কৰিছে পলাশ মৰাণ নামৰ কেডাৰজনে ।
পলাশ মৰাণে তিনিচুকীয়া আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত আত্মসমৰ্পণ কৰিছে। তেওঁ ২০১৯ ত সংগঠনটোত যোগদান কৰিছিল।ইপিনে ৰিয়াজ অসম নামৰ আন এজন সদস্যয়ো ম্যানমাৰৰ কেম্পৰ পৰা আহি আত্মসমর্পন কৰা বুলি জানিব পৰা গৈছে ৷