কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআাৰপিএফ)ৰ দুগৰাকী মহিলা বিষয়া সীমা ধুণ্ডিয়া আৰু এনি আব্ৰাহামক মহাপৰিদর্শ হিচাপে পদোন্নতি প্ৰদান কৰা হৈছে ৷ প্ৰথমবাৰৰ বাবে চিআৰপিএফত এই পদত মহিলাক নিযুক্তি প্ৰদান কৰা হৈছে ৷
মহাপৰিদর্শক সীমা ধুণ্ডিয়াই চি আৰ পি এফৰ বিহাৰ খণ্ডৰ মুৰব্বী হোৱাৰ বিপৰীতে পৰিদর্শক এনি আব্ৰাহামক চি আৰ পি এফৰ ৰেপিড একচন ফৰ্চৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হ’ব। উল্লেখযোগ্য যে ১৯৯২ চনত গঠন কৰা চিআৰপিএফৰ ৰেপিড একচন ফৰ্চৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা বিষয়াই নেতৃত্ব দিছে।
সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত আইজি এনি আব্ৰাহামে কয় যে এতিয়ালৈকে ই এক বৃহৎ কৃতিত্ব। আব্ৰাহামে লগতে কয়, “অৰ্ধসামৰিক বাহিনীসমূহ মহিলাৰ বাবে অত্যন্ত প্ৰত্যাহ্বানমূলক। আমি দেশৰ কঠিন পৰিস্থিতিত কর্তব্য পালন কৰিব লাগে ৷ পৰিয়ালৰ আশা পূৰণ কৰাৰ লগতে পেছাদাৰী প্ৰয়োজনীয়তা পূৰণ কৰাটোও মহিলাসকলৰ বাবে একেবাৰে প্ৰত্যাহ্বানজনক। দুয়োটা কামেই ভাৰসাম্যতাৰে পৰিচালনা কৰিব লাগিব ৷”
ইফালে সীমা ধুণ্ডিয়াইও এই পদোন্নতিৰ বাবে সুখ প্ৰকাশ কৰে।তেওঁ কয় – “মোৰ ভাল লাগিছে। আগলৈ বহু কাম আছে যদিও চি আৰ পি এফৰ সকলো মহিলাৰ বাবে এইটো নিশ্চিতভাৱে এক কৃতিত্ব আৰু আমি বহু দূৰ আগবাঢ়িছো। প্ৰথম অৱস্থাত যেতিয়া মহিলাসকলে বাহিনীত যোগদান কৰিছিল, তেতিয়া মানুহে ইয়াক লৈ আশংকা প্ৰকাশ কৰিছিল। কিন্তু এতিয়া যিহেতু অধিক সংখ্যক মহিলাই যোগদান কৰিছে, সেয়েহে তেওঁলোকৰ কামৰ বাবে সমগ্ৰ পৰিৱেশ অনুকূল হৈ পৰিছে। কেইগৰাকীমান মহিলা বিষয়া এনে এটা স্তৰত উপনীত হৈছে যে তেওঁলোকে নেতৃত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া আমাৰ হাতত এনে জ্যেষ্ঠ বিষয়া আছে যিয়ে নতুনকৈ অহাসকলৰ বাবে গুৰু হিচাপে কাম কৰিব পাৰে। “