কালি বঙাইগাঁৱত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত চৰকাৰী চাকৰিয়ালৰ বাবে ৬ আৰু ৭ জানুৱাৰী তাৰিখে ছুটিৰ দিন ঘোষণা কৰিছে। এই ছুটি মন্ত্ৰী বিধায়কসকলৰ বাবেও প্ৰযোজ্য হ’ব বুলি ঘোষণা কৰে।
কৰ্ম ব্যস্ততাৰ বাবে বহুতো লোকে নিজৰ পিতৃ মাতৃ, শহুৰ-শাহুৰ কাষলৈ যাবলৈ সময় নাপায়। সেইকাৰণে দুদিন বিশেষ ছুটিৰ দিন ঘোষণা কৰিছে বুলি উল্লেখ কৰিছে।
সাম্প্ৰতিক সময়ত চৰকাৰৰ এই পদক্ষেপ শলাগ ল’বলগীয়া। বহুতো সন্তানে পিতৃ মাতৃৰ দায়িত্ব পালনত হেমাহি কৰা দেখা যায়। বহুতো সন্তানে কৰ্ম ব্যস্ততাৰ বাবে কৰ্তব্য পালনত ব্যৰ্থ হয়। কেতিয়াবা অনীহা প্ৰকাশ কৰে। ফলত বৃদ্ধ পিতৃ মাতৃ অৱহেলাৰ সন্মুখীন হোৱাৰ লগতে কেতিয়াবা সন্তানৰ দ্বাৰা অপৰাধৰ চিকাৰ হোৱাও দেখিবলৈ পোৱা যায়। চৰকাৰে মাজে সময়ে কৰ্মচাৰীক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা সোঁৱৰাই ৰাখি সামাজিক দায়বদ্ধতা পালন কৰিছে। অৱশ্যে এই দুটা দিন অসমৰ চৰকাৰী বেচৰকাৰী সকলো ব্যক্তিকে সামৰি লোৱা হ’লে অধিক লাভবান হ’লহেঁতেন।
ইয়াৰ পূৰ্বেও প্ৰণাম আয়োগ গঠন কৰা হৈছিল। সন্তানে নিজৰ পিতৃ মাতৃক প্ৰতি মাহে দৰমহাৰ ১০ ৰ পৰা ১৫ % টকা পিতৃ মাতৃৰ ভৰণ পোষণৰ বাবে দিব লাগিব বুলি নিৰ্দেশ দিছিল।
বৰ্তমান সময়ত আমাৰ অসমৰ সমাজত বৃদ্ধ পিতৃ মাতৃ ওপৰত অত্যাচাৰ ব্যাপক হাৰত বৃদ্ধি পাইছে। বহু ক্ষেত্ৰত এই কথাই প্ৰচাৰ লাভ নকৰে। ঘৰৰ ভিতৰত লুকাই থাকে। কিন্তু চৰকাৰৰ তৎপৰতাত এই বিষয়টোৱে গুৰুত্ব লাভ কৰাত বহু সন্তানে নিজৰ দায়িত্ব পালন কৰিবলৈ বাধ্য হ’ব। ফলত বৃদ্ধসকলেও জীৱনৰ শেষৰ দিনকেইটাত অলপ সকাহ লাভ কৰিব।