ৰাজ্যত অব্যাহত আছে নকল সোণ আৰু নকল টকাৰ ব্যৱয়ায় ৷ গুৱাহাটীত পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নকল সোণ আৰু নকল নোটৰ ব্যৱসায়ী। মহানগৰ আৰক্ষীয়ে কটাহবাৰীৰ এটা বাসগৃহৰ পৰা ৪ খন সোণৰ নাও আৰু দুটা সোণৰ মূৰ্তিৰ লগতে জালনোট জব্দ কৰিছে।
এই নকল সোণ আৰু নকল নোটৰ অবৈধ ব্যৱসায় কৰা দুজন প্ৰৱঞ্চকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা দুই প্ৰৱঞ্চক হৈছে ছফিকুল ইছলাম আৰু ছাহাবুদ্দিন ।
ধৃত ছাহাবুদ্দিনৰ ঘৰ নগাঁৱত আৰু ছফিকুল ইছলামৰ ঘৰ লখিমপুৰ জিলাত। স্থানীয় লোকৰ ভাষ্য অনুসৰি নগাঁৱৰ ছাহাবুদ্দিনে এটা বাসগৃহ ভাড়ালৈ লৈছিল। মাজে মাজে তালৈ আহিছিল ছফিকুল ইছলাম। এই ঘৰটোৰ পৰাই অভিযান চলাই সোণৰ মূৰ্তি, নাওঁসহ নকল নোট জব্দ কৰিছে।