সমগ্ৰ অসমতে দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ ঘটনা ৷ তাৰ বিপৰীতে তৎপৰ হৈ পৰিছে অসম আৰক্ষীও ৷ এই সন্দৰ্ভত আজি অসমৰ নলবাৰী জিলাত ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । তালাচীৰ পিছত আৰক্ষীয়ে তেওঁলোকৰ পৰা উদ্ধাৰ কৰিবলৈ সমৰ্থ হয় ড্ৰাগছৰ ছয়টা পাত্ৰ, চাৰিটা মোবাইল ফোনসহ ৫৭৬ টা নিচাজাতীয় টেবলেট ।
জিলাখনৰ মুকালমুৱা অঞ্চলৰ পৰা ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিৰাজুল হক আৰু আলাউদ্দিন আহমেদ নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক ।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বৃহস্পতিবাৰে কেন্দ্ৰীয় বিশেষ অভিযান গোটে (এছ.ও.জি.) গুৱাহাটীৰ পল্টন বজাৰ অঞ্চলত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল ।বৃহস্পতিবাৰে ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা হেৰোইন ভৰ্তি প্ৰায় ২৯ টা পাত্ৰ আৰু নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী ।