মহানগৰীত সংঘটিত ভূমি কেলেংকাৰিৰ তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ৷ এই সন্দর্ভত ৰুজু হোৱা গোচৰসমূহৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিছে ৩৫ জন অভিযুক্তক৷ অভিযুক্তসকলৰ ভিতৰত আছে অধিবক্তা, দালাল, উপ পঞ্জীয়ক, সহকাৰী পঞ্জীয়ক, গৃহৰক্ষী বাহিনীৰ জোৱানৰ লগতে বহু চৰকাৰী কৰ্মচাৰী৷
শেহতীয়াকৈ শুকুৰবাৰে নিশা ক্ৰাইম বাঞ্চৰ জালত পৰে এই ভূমি কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড নিহাৰেন্দ্ৰ থাউচেন আৰু ৰঞ্জিত চৌধুৰীক৷ দুয়োজন আছিল কামৰূপ মহানগৰৰ উপ-পঞ্জীয়ক৷ কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নিহাৰেন্দ্ৰ থাউচেনক৷ আৰু গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে ৰঞ্জিত চৌধুৰীক৷
গুৱাহাটীৰ পূৰ্বৰ উপ-পঞ্জীয়ক আছিল নিহাৰেন্দ্ৰ থাউচেন৷ তেওঁৰ দিনতে মহানগৰীত বহু লোকৰ ভূমি আনৰ নামত হৈছিল নামজাৰি৷ তেওঁৰ ছত্ৰছায়াতে বহু দালালে ভূমিৰ নামত জালিয়াতি সংঘটিত কৰিছিল ৷