ক’ভিডৰ অত্যন্ত সংক্ৰামক ভেৰিয়েণ্ট অমিক্ৰনত আক্ৰান্ত হৈছে ৰাজ্যৰ দুজন লোক ৷ চৌদি আৰৱৰ পৰা হোজাইৰ মহম্মদ মাহমুদ চৌধুৰী আৰু সোনাপুৰৰ ডিগাৰুৰ ৰোহণ দাস অক্ৰান্ত হৈছে অমিক্ৰনত ৷ বুধবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি দুয়োজন অমিক্ৰন আক্ৰান্তৰে ক’ভিড নিগেটিভ আহিছে ৷ যোৰহাটৰ পৰীক্ষাগাৰত কৰা পৰীক্ষাত হোজাইৰ ব্যক্তিজনৰ শৰীৰত অমিক্ৰনৰ সংক্ৰমন ধৰা পৰে ৷ অৱশ্যে ডিগাৰুৰ ৰোহণ দাসৰ মেঘালয়ত কৰা পৰীক্ষাত অমিক্ৰনত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে ৷ মুম্বাইত কর্মসূত্ৰে পিতৃ-মাতৃৰে বাস কৰা ৰোহণ কিছুদিন পূর্বে ওভতি আহিছিল ৰাজ্যলৈ ৷ তেওঁলোকে মুম্বাইৰ পৰা আহিয়েই প্ৰথমে শ্বিলঙলৈ গৈছিল যদিও পৰৱর্তী সময়ত ডিগাৰুত থকা ভাৰাঘৰলৈ ওভতি আহিছিল ৷ ইতিমধ্যে স্বাস্থ্য বিভাগে দুয়োজন অমিক্ৰন আক্ৰান্তৰ সংস্পর্শলৈ অহা লোকসকলৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷
ইপিনে, ৰাজ্যত আকস্মিকভাৱে ক’ভিডৰ সংক্ৰমন বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ ৷ ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতি পর্যালোচনাৰ বাবে আজি এখন জৰুৰী বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা ৷ য’ত উপস্থিত থাকিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ বৈঠকৰ পাছতে ৰাজ্যত নতুন নির্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে ৷