চিৰাং জিলাৰ বিজনীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডাঙাইগাঁৱত যোৱানিশা এখন ট্ৰাকৰ পৰাএটা সাতজনীয়া ডকাইতৰ দলে বৈধ বিলাতী সুৰা লুট-পাত কৰাৰ চেষ্টা চলায় ৷ অৱশ্যে উক্ত স্থানত আৰক্ষীৰ দল উপস্থিত হৈ দলটোৰ দুই ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে বিলাতী সুৰা কঢ়িওৱা ডব্লিউ বি ৫১চি ৪৯৫৬ নম্বৰৰ ট্ৰাকখনক ডকাইতৰ দলটোৱে বৰপেটাৰ পৰা অনুসৰণ কৰিছিল।
ধৃত দুই ডকাইত ক্ৰমে বিজনীৰ বাটাবাৰীৰ মামদ ফুলচান আলী(৩২) আৰু মোনাকোচাৰ ৰিয়াজ আহমেদ(২৬) বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ পৰা বঙাইগাঁও অভিমুখে বৈধ বিলাতী সুৰা কঢ়িওৱা ডব্লিউ বি ৫১চি ৪৯৫৬ নম্বৰৰ ট্ৰাকখনক ডকাইতৰ দলটোৱে বৰপেটাৰ পৰা অনুসৰণ কৰে আৰু ট্ৰাকখনৰ চালকে ভয়তে এখন ধাবাত ট্ৰাকখন ৰখাই দিয়ে ।
ইয়াৰ পিছত ডকাইতৰ দলটোৱে ট্ৰাকখনৰ কাগজ-পাতি, সামগ্ৰীৰ চালান কাঢ়ি লয় আৰু বিলাতী সুৰাসমূহ লুট কৰাৰ চেষ্টা চলায়। কোনো লোকে বিজনী থানাৰ আৰক্ষীক এই বিষয়ে খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা এ এচ ০১ই এইচ ৯৮৯৬নম্বৰৰ এখন এল্টো, নম্বৰ প্লেটবিহীন এখন টিভিএছ আপাছি বাইকসহ দুই ডকাইতক গ্ৰেপ্তাৰ কৰে ৷
অৱশ্য দলটোৰ আন পাঁচজন পলাই সাৰিবলৈ সক্ষম হয়। পলাতক ডকাইতকেইজনক বিচাৰি বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।