দক্ষিণ কোৰিয়াত আজি সংঘটিত হয় এক ভয়াৱহ বিমান দুর্ঘটনা ৷ মাজ আকাশতে মুখামুখি সংঘর্ষ ঘটে ৰাষ্ট্ৰখনৰ দুখন বায়ু সেনাৰ বিমানৰ ৷ প্ৰশিক্ষক বিমান দুখনৰ শুকুৰবাৰে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত তিনিজন পাইলটৰ থিতাতে মৃত্যু হয় ৷ তদুপৰি আন এজন পাইলট গুৰুতৰ ভাৱে আহত হৈছে।
দক্ষিণ-পূব চহৰ চাচেনৰ কে টি-১ বিমানৰ ঘাটিৰ ওচৰত স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ১:৩৫ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ বায়ু সেনাই এক বিবৃতিত কয় যে ই এই ঘটনাৰ তদন্ত অব্যাহত ৰখা হৈছে ৷ অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলৰ ৩০ জনতকৈও অধিক লোকে দুৰ্ঘটনাস্থলীত অনুসন্ধান আৰম্ভ কৰিছে ৷