দক্ষিণ কামৰূপৰ মির্জাৰ বৰিহাটত আজি পুৱা সংঘটিত এক শোকাৱহ পথ দূর্ঘটনাত দুজন প্ৰতিভাৱান কিশোৰেৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ৷ ৰাজ্য চৰকাৰে আয়োজন কৰা খেল মহাৰণত অংশ ল’বলৈ যোৱাৰ সময়তে দুর্ঘটনাত পতিত হৈ দুই কিশোৰৰ কৰুণ মৃত্যু ঘটে । মৃত্যু হোৱা কিশোৰ দুজন বটিয়াপাৰাৰ অম্লান জ্যোতি দাস আৰু মনিয়াৰীৰ চন্দন আলী বুলি জানিব পৰা গৈছে ৷
আজি পুৱা দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তিনিআলিৰ পৰা বৰিহাটলৈ খেলত অংশ লোৱাৰ উদ্দেশ্যে এখন পালচাৰ বাইকেৰে গৈছিল কিশোৰ দুজন । কিন্তু গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা বৈদ্যুতিক খুটাত খুন্দা মাৰে বাইকখনে। ফলত থিতাতে মৃত্যু হয় এই দুই কিশোৰৰ। । এই দুই প্ৰতিভাবান কিশোৰৰ আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ পৰে।