গ্ৰীচত দুখন ৰে’লৰ সংঘৰ্ষত ৩২ জন লোকৰ মৃত্যু হৈছে। এই দুর্ঘটনাত আহত লোকৰ সংখ্যা হৈছে ৮৫ জন। মঙলবাৰে মাজনিশা প্ৰায় টেম্পে চহৰৰ সমীপত সংঘটিত হয় এই ঘটনা। দুয়োখন ৰে’লৰ সংঘৰ্ষত ইমানেই তীব্ৰ আছিল যে যাত্ৰীবাহী ৰে’লৰ তিনিটা ডবাত অগ্নিকাণ্ড সংঘটিত হয়। আৰু দুয়োখন ৰেল ৰেলপথৰ পৰা বাগৰি পৰে ৷
স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি এই দুখন ৰে’লৰ ভিতৰত এখন যাত্ৰীবাহী ৰে’ল। আন এখন হৈছে মালবাহী ট্ৰেইন। যাত্ৰীবাহী ৰে’লখন এথেন্সৰ পৰা উত্তৰ গ্ৰীচৰ থেছালনিক চহৰলৈ গৈ আছিল। ৰেলখনত ৩৫০ জন যাত্ৰী আছিল। স্থানীয় সংবাদ মাধ্যমে দাবী কৰা মতে, ঘটনা সংঘটিত হোৱাৰ পিছতে ২৫০ জন যাত্ৰীক উদ্ধাৰ কৰা হয়।
আনহাতে, মালবাহী ৰে’লখনে লাৰিছা চহৰৰ পৰা মধ্য গ্ৰীচলৈ গৈ আছিল বুলি থেছালি অঞ্চলৰ গৱৰ্ণৰে জনায়। ইপিনে খুন্দা মৰাৰ পিছতে অগ্নিকাণ্ড সংঘটিত হোৱা যাত্ৰীবাহী ৰেলখনৰ ডবাত কেইবাজনো যাত্ৰী অগ্নিদগ্ধ হয়। ষ্টেৰজ’ইছ মেনেনিছ নামৰ এজন যাত্ৰীয়ে কয় যে হঠাতে প্ৰচণ্ড জোকাৰণি অনুভুত হৈছিল। ভূমিকম্প যেন লাগিল। ইয়াৰ পিছত ট্ৰেইনখনৰ ভিতৰখন আন্ধাৰেৰে আৱৰি ধৰিলে। আমাৰ কোঠাটো লাইনৰ কাষতে আছিল। ভিতৰত যাত্ৰীসকলে চিঞৰি চিঞৰি কান্দিবলৈ আৰম্ভ কৰে। অলপ পিছত গম পালো যে ৰেলখন ৰেলপথৰ পৰা বাগৰি পৰিছে ৷
নিশাৰ পৰা উদ্ধাৰৰ কাম আৰম্ভ কৰা হয় । উদ্ধাৰকাৰীয়ে কয় যে কিছুমান ডবাৰ অৱস্থা ভয়ংকৰ। অধিকাংশ যাত্ৰীক উদ্ধাৰ কৰা হয়। বহু আহত হয়। আহতসকলক চিকিৎসালয়লৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। কিছু ক্ষতিগ্ৰস্ত ডবাৰ পৰা উদ্ধাৰ হৈছে কেইবাজনো যাত্ৰীৰ মৃতদেহ। সেই ডবাসমূহত কোনো যাত্ৰী আবদ্ধ হৈ আছে নে নাই সেইটো জানিবলৈ পুৱাৰে পৰা জোৰদাৰ অনুসন্ধান আৰম্ভ কৰা হৈছে।