মেৰাপানীত নির্মীয়মান অৱস্থাতে খহি পৰিল জল জীৱন মিছনৰ টেংকি। প্ৰায় ত্ৰিশ হাজাৰ লিটাৰ পানী সংৰক্ষণৰ ক্ষমতাৰে বনোৱা টঙীয়া পানী যোগান আঁচনিৰ টেঙ্কি নিমাৰ্ণ কৰি থকা অৱস্থাতে ৪০ মিটাৰ উচ্চতাৰ পৰা খহি পৰে ৷ এই ঘটনাত দুজন লোক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আন এজন শ্ৰমিক কোনোমতে ৰক্ষা পৰে।
আঘাতপ্ৰাপ্ত শ্ৰমিক দুজন কিৰণ পাঠৰী আৰু সপ্তম শ্ৰেণীত অধ্যয়ণৰত কিশোৰ বিজিত চাঁওতাল (১৪) বুলি জানিব পৰা গৈছে। অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পানী টেঙ্কীৰ ষ্টেণ্ড নিমাৰ্ণ কৰাৰ বাবেই এনে ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকসকলে অভিযোগ কৰিছে ৷ আঘাতপ্ৰাপ্ত শ্ৰমিক দুজনক অতি সংকটজনক অৱস্থাত ১০৮ মৃত্যুঞ্জয় সেৱা যোগে মেৰাপানী চিকিৎসালয়লৈ নিয়া হৈছে।