দুখন ক’লা ৰঙৰ এছ ইউ ভি গাড়ী ৰাস্তাৰে তীব্ৰ বেগেৰে গৈ আছে। হঠাৎ চলন্ত গাড়ীৰ পৰা দুজন যুৱক ওলাই অহা দেখা গ’ল। চলন্ত অৱস্থাত গাড়ীৰ বনেটত বগাই যোৱা দেখা গৈছে। গাড়ীৰ গতি বাঢ়িল। কেতিয়াবা হাত মেলি, কেতিয়াবা কঁকালত হাত থৈ থিয় হৈ থকা দেখা গৈছিল তেওঁলোকক। শেহতীয়াকৈ এনে এক ভিডিঅ’ পোহৰলৈ আহিছে। সেই দুখন এছ ইউ ভিৰ আগতে আন এখন গাড়ী আছিল। তাৰ পৰাই যুৱক দুজনৰ ভিডিঅ’টোও বনোৱা হৈছিল। কেতিয়াবা বনেটত থিয় হৈ কেতিয়াবা গাড়ীৰ খিৰিকীত থিয় হৈ যুৱক দুজনে বিভিন্ন ধৰণে প’জ দেখা যায়। আনকি তেনে দৃশ্যৰে ৰিলছ বনোৱাও দেখা গৈছিল ৷ ইয়াৰ পিছত তেওঁ সেই ৰিলটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে। ইয়ালৈকে ঠিকে আছিল ৷ কিন্তু ছছিয়েল মিডিতয়াত ভিডিঅ’ দিয়াৰ পাছতহে হুলস্থলৰ সৃষ্টি হ’ল ৷ সেই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ খৰচো তেওঁলোকে বহন কৰিবলগীয়া হৈছিল।
উত্তৰ প্ৰদেশৰ বাৰেলীত সংঘটিত হৈছে এই ঘটনা। এজন পথচাৰীয়ে যুৱক দুজনৰ এই কাৰ্যৰ ভিডিঅ’ টুইট কৰি উত্তৰ প্ৰদেশ আৰক্ষীক টেগ কৰে। একে সময়তে তেওঁ এনেধৰণৰ ঘটনা ৰোধ কৰিবলৈ অনুৰোধ জনায়। অভিযোগ লাভ কৰি ভিডিঅ’টো পৰীক্ষা কৰাৰ পিছত আৰক্ষীয়ে গাড়ীখনৰ নম্বৰ প্লেট চিনাক্ত কৰে। ইয়াৰ পিছত দুজন অভিযুক্ত যুৱকক এক লাখ টকাৰ জৰিমনা বিহা হয়।
এনেধৰণৰ ঘটনা প্ৰথমবাৰ সংঘটিত হোৱা নাই ৷ইয়াৰ আগতে বহুবাৰ পোহৰলৈ আহিছে। কেতিয়াবা আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। কেতিয়াবা গ্ৰেপ্তাৰ, কেতিয়াবা বৃহৎ জৰিমনাও আৰোপ কৰা হৈছে। কিন্তু তাৰ পাছতো দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বাইক আৰু গাড়ী ষ্টাণ্টৰ ঘটনা পোহৰলৈ আহিছে।