ব্ৰিটেইনত সৃষ্টি হোৱা ৰাজনৈতিক সংকটৰ পাছতে অৱশেষত পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে ৷ অৱশ্যে শাসকীয় দলটোৱে নতুন নেতা নির্বাচন নকৰালৈকে তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্বত থাকিব ৷
পদত্যাগৰ পাছতে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে চলিত মাহৰ শেষৰ ফালে পত্নী কেৰীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ উপলক্ষে তেওঁৰ চৰকাৰী চেকাৰছ দেশীয় বাসগৃহত বিলাসী বিবাহৰ পাৰ্টি অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে ৷
জনছনৰ কনজাৰ্ভেটিভ পাৰ্টিৰ নাম প্ৰকাশ নকৰা এজন নেতাই প্ৰকাশ কৰা অনুসৰি নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত নোহোৱালৈকে নেতা হৈ থাকিবলগীয়া জনছনে “আড়ম্বৰপূৰ্ণ” বিবাহ অভ্যর্থনা অনুষ্ঠানৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ৷
লণ্ডনত থকা তেওঁলোকৰ চৰকাৰী ১০ ডাউনিং ষ্ট্ৰীট বাসগৃহৰ উপৰিও ব্ৰিটিছ প্ৰধানমন্ত্ৰীসকলে পৰম্পৰাগতভাৱে ৰাজধানীৰ উত্তৰত থকা ১৬ শতিকাৰ ইংৰাজী দেশীয় ঘৰ চেকাৰছক বিভিন্ন অভ্যর্থনাৰ বাবে ব্যৱহাৰ কৰি আহিছে।
ক’ৰোনা মহামাৰীৰ মাজতে যোৱা বছৰ মধ্য লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ কেথেড্ৰেলত এক গোপন অনুষ্ঠানত জনছনে ৩৪ বছৰীয়া কেৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।৩০ জুলাইত চেকাৰছত বিবাহৰ অভ্যর্থনাৰ পৰিকল্পনা কৰা হৈছে ৷জনছন পৰিয়ালে বহু বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যক আমন্ত্ৰণ জনাইছে ৷ ১০০০খনৰো অধিক ফুটবল খেলপথাৰৰ আকাৰৰ ৬০০ হেক্টৰ ভূমিত অৱস্থিত চেকাৰছত আছে ১০টা শোৱনি কোঠা ৷ ১৯২০ চনৰ পৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীসকলে ইয়াক ব্যৱহাৰ কৰি আহিছে।