ৰাছিয়াৰ সেনাবাহিনীয়ে আক্ৰমণ কৰাৰ পাছতে ইউক্ৰেইনত জাৰি কৰা হৈছে সামৰিক আইন ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডাইমিৰ জেলেনস্কিয়ে বৃহস্পতিবাৰে সামৰিক আইন বলবৎ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰি কয় যে ৰাছিয়াই ইউক্ৰেইনৰ সামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি লৈছে। তেওঁ ইউক্ৰেইনৰ বাসিন্দা সকলক ঘৰত থাকিবলৈ আৰু আতংকিত নহ’বলৈ আহ্বান জনায় ৷
ফেচবুকত পোষ্ট কৰা এক চমু ভিডিঅ’ সম্বোধনত জেলেনস্কিয়ে কয় যে ৰাছিয়াই ডনবাছ অঞ্চলত এক বিশেষ সামৰিক অভিযান ঘোষণা কৰিছে ৷ এই অঞ্চলত ইউক্ৰেইনৰ সামৰিক আন্তঃগাঁথনি আৰু সীমান্ত ৰক্ষীসকলৰ ওপৰত আক্ৰমণ চলাইছে ৰাছিয়াই ৷ ৰাষ্ট্ৰপতিৰ ৱেবছাইটত পোষ্ট কৰা এক পৃথক বাৰ্তাত জেলেনস্কিয়ে কয়, “আজি পুৱা ৰাছিয়াই আমাৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে এক নতুন সামৰিক অভিযান আৰম্ভ কৰিছে।এয়া সম্পূৰ্ণৰূপে ভিত্তিহীন, নিন্দনীয় আক্ৰমণ।”ছোভিয়েট ইউনিয়নৰ পতন সন্দৰ্ভত তেওঁ কয়, “আমি ইউক্ৰেইনৰ নাগৰিকসকলে ১৯৯১ চনৰ পৰা আমাৰ নিজৰ ভৱিষ্যত নিজেই নিৰ্ধাৰণ কৰি আহিছো।কিন্তু এতিয়া যি সিদ্ধান্ত লোৱা হৈছে সেয়া কেৱল আমাৰ দেশৰ ভৱিষ্যত নহয়, ইউৰোপ কেনেদৰে জীয়াই থাকিব তাৰ ভৱিষ্যতো নির্ধাৰণ কৰিব ৷”
ইয়াৰ পূৰ্বে, দেশখনে এমাহৰ বাবে দেশজুৰি জৰুৰীকালীন অৱস্থা জাৰি কৰিছিল। জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰাৰ লগে লগে কৰ্তৃপক্ষই যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। জৰুৰীকালীন অৱস্থা টোনেটস্ক আৰু লুহানস্ক অঞ্চলৰ বাহিৰে ইউক্ৰেইনৰ সকলো অঞ্চলৰ বাবে প্ৰযোজ্য হ’ব ৷ সামৰিক আইনে সভা, আন্দোলন আৰু ৰাজনৈতিক দলৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিব পাৰিব ।