ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ পাছতে দেশখনত অব্যাহত আছে ৰাছিয়ান সেনাৰ আক্ৰমণ ৷ কালিৰে পৰা ৰাছিয়াৰ সেনাবাহিনীয়ে ইউক্ৰেইনৰ বিমানঘাটি আৰু বিমানবন্দৰসমূহত আক্ৰমণ চলাই আহিছে ৷ মিছাইল আৰু অত্যাধুনিক অস্ত্ৰ- শস্ত্ৰৰে ইউক্ৰেইনৰ বিভিন্ন প্ৰান্তত চলোৱা আক্ৰমণে সৃ্ষ্টি কৰিছে বিভীষিকাময় পৰিস্থিতি ৷ ৰাছিয়াৰ আক্ৰমণত বৃহস্পতিবাৰে ইউক্ৰেইনৰ ১৩৭ জন নাগৰিক নিহত হৈছে ৷ এই কথা প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডাইমিৰ জেলেনস্কিয়ে ৷ তেওঁ কয় “আজি আমি ১৩৭ জন আমাৰ নাগৰিকক হেৰুৱাইছো। আন ৩১৬ জন লোক আক্ৰমণত আহত হৈছে।“ মাজনিশা দেশবাসীক সম্বোধন কৰি ভলোডাইমিৰ জেলেনস্কিয়ে এক ভিডিঅ’ সম্বোধনত কয় যে ৰাছিয়াৰ বিৰুদ্ধে অকলশৰীয়া কৰি ৰখা হৈছে।
তেওঁ কয় “আমাৰ সৈতে যুঁজিবলৈ কোন সাজু ? মই কাকো দেখা নাই। ইউক্ৰেইনক নাটো সদস্যপদৰ গেৰাণ্টি দিবলৈ কোনে সাজু ? সকলোৱে ভয় কৰে ৷ ৷”জেলেনস্কিয়ে লগতে কয় যে ৰাছিয়াৰ সেনা ৰাজধানী কিয়েভত প্ৰৱেশ কৰিছে আৰু চহৰখনৰ নাগৰিকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু কাৰফিউ পালন কৰিবলৈ আহ্বান জনাই ৰাষ্ট্ৰপ্ৰধান গৰাকীয়ে ৷ ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে কয় যে ৰাছিয়াই তেওঁক “এক নম্বৰ আক্ৰমণৰ লক্ষ্য” বুলি চিনাক্ত কৰা স্বত্বেও তেওঁ আৰু তেওঁৰ পৰিয়াল ইউক্ৰেইনত আছে।