পুনৰ ৰাজ্যত উৰিল সংযুক্ত মুক্তি বাহিনী,অসম (স্বাধীন)ৰ পতাকা। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত সংঘটিত হৈছে এই ঘটনা ৷ উৰিল সংগঠনটোৰ পতাকা।
৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰত্যক্ষ কৰা পতাকাখনক লৈ কমলপুৰ-বাইহাটাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কোনো পতাকাখন উৰুৱালে সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই।
সম্প্ৰতি এই ঘটনাকলৈ অঞ্চলটোত চাঞ্চল্য অৱ্যাহত আছে। প্ৰতিবাদ দিৱসৰ দিনা শক্তি প্ৰদর্শনৰ বাবে আলফাই এই কার্য সংঘটিত কৰা বুলি আশংকা কৰা হৈছে ৷