VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

লেখক-পাঠকৰ সমাৰোহত উমাল অসম গ্ৰন্থমেলা, শিৱসাগৰ

voicedesk by voicedesk
November 24, 2023
in মুখ্য সংবাদ
লেখক-পাঠকৰ সমাৰোহত উমাল অসম গ্ৰন্থমেলা, শিৱসাগৰ
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ, ২৩ নৱেম্বৰঃ শীত আগমনৰ সময়তে অসম গ্ৰন্থমেলাৰ আয়োজনে শিৱসাগৰত জ্ঞান চৰ্চাৰ আনন্দদায়ক পৰিৱেশ গঢ়ি তুলিছে ৷ ইয়াৰ ঐতিহ্যমণ্ডিত ব’ৰ্ডিং খেলপথাৰত এলানি বৰ্ণিল কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত অসম গ্ৰন্থমেলাই আজি পঞ্চম দিন অতিক্ৰম কৰিলে ৷ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি আজি বিয়লি ২ বজাৰ পৰা গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হয় “লেখক-পাঠক সমাৰোহ ” ৷ বিশিষ্ট লেখক, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তই এই অনুষ্ঠান সঞ্চালনা কৰে ৷ তেওঁ বক্তব্যত কয়— “ভাষা-সাহিত্যৰ উত্তৰণত লেখক আৰু পাঠক উভয়ৰে ভূমিকা গুৰুত্বপূৰ্ণ ৷

অসমীয়া ভাষী মানুহ প্ৰায় ১’৫ কোটি ৷ কিন্তু সেই অনুপাতে কাকত-আলোচনীৰ প্ৰচালনৰ পৰিসংখ্যা সন্তোষজনক হয়নে ? পৃথিৱীত এনে বহু জাতি আছে যাৰ ভাষিক জনসাধাৰণৰ সংখ্যা অসমীয়া ভাষা কোৱা মানুহৰ তুলনাত কম ৷ এই ক্ষেত্ৰত ভাৰতৰে কোংকিনী ভাষাৰ নাম ল’ব পাৰি ৷ সংখ্যাত তাকৰ হ’লেও সেই ভাষিক জনসমষ্টিয়ে নিজৰ ভাষাৰ অস্তিত্বক লৈ শংকিত হোৱা নাই ৷ কাৰণ সেই ভাষা নিজৰ মাজত বিশুদ্ধৰূপত প্ৰচুৰ পৰিমাণে ব্যৱহৃত হয় লিখা-পঢ়া তথা সৃষ্টিশীল কৰ্মত ৷ অসমীয়াভাষী জনগনৰ বাবে এয়া আশাব্যঞ্জক উদাহৰণ হ’ব পাৰে ৷ লেখক-পাঠকৰ মত বিনিময়ৰ এনে অনুষ্ঠানত এনেবোৰ প্ৰসংগৰ উত্থাপনে সঠিক পথৰ সন্ধান দিব পাৰে ৷”তেওঁ লগতে কয় যে চতুৰ্থ উদ্যোগিকৰণৰ জটিল সন্ধিক্ষণত উপনীত হৈছে আমাৰ সমাজ ৷ এই তীব্ৰ স্ৰোতত ভাষা-সাহিত্য আৰু বিদ্যালয়তনিক ক্ষেত্ৰক মজবুত কৰি ৰাখিবলৈ আমি নিজকে শক্তিশালী কৰিবই লাগিব ৷ ইয়াৰ বাবে নিজৰ ভাষাক নিজৰ সংস্কৃতি আৰু সমাজ-জীৱনক ভাল পাবই লাগিব ৷ ইয়াতে নিহিত হৈ থাকিব লাগিব ভাষাৰ প্ৰতি, জাতীয়-জীৱনৰ প্ৰতি আৰু দেশৰ প্ৰতি নিঃস্বাৰ্থ প্ৰেম ৷

লেখক-পাঠকৰ সমাৰোহত ভালেকেইগৰাকী কবি-সাহিত্যিক, নিৱন্ধকাৰ-নাট্যকাৰে অংশগ্ৰহণ কৰি ভাষা-সাহিত্য, লোক-সংস্কৃতি,গদ্যশিল্প,নাট্যধাৰা আদি ভিন্ন বিষয়ত মতামত আগবঢ়ায় ৷চিন্তাগধুৰ বক্তব্যৰে অনুষ্ঠানটোক গাম্ভীৰ্যপূৰ্ণ আৰু উপভোগ্য কৰি তোলা এইসকল লেখক-সাহিত্যিক হৈছে ড° সঞ্জীৱ কুমাৰ শৰ্মা, মাণিক আহমেদ, তুলিকা চেতিয়া য়েইন, চামচুল বাৰিক, কবিতা কৰ্মকাৰ, দীপান্বিতা বৰা, প্ৰশান্ত বৰগোহাঁই, মৌচুমী ৰেখা খাউণ্ড, মৌচুমী দুৱৰা, অসমী গগৈ, সংগীতা ৰুণুমী বৰুৱা,প্ৰশান্ত কুমাৰ নাথ, জিন্তু মেছ, ড° লিপি ফুকন, অশ্ৰুমণি দত্ত ঘোষ, সংগীতা ৰুণুমী বৰুৱা,দেৱযানী দীক্ষিতা , চিন্ময়ী বুঢ়াগোহাঁই, মধুমিতা মহন, মনোজ কুমাৰ, গগৈ, স্নেহা জোনাক দত্ত আদি ৷ ইয়াৰ পাছত সন্ধিয়া ৫ বজাৰ পৰা প্ৰবোধ দাসৰ পৰিচালনাত অনুষ্ঠিত হয় বৰ্ণিল সাংস্কৃতিক প্ৰতিযোগিতা ৷ উল্লেখ্য যে অসম গ্ৰন্থমেলা ,শিৱসাগৰতো এহেজাৰ টকাৰ গ্ৰন্থ ক্ৰয় কৰা সকলক এখনকৈ উপহাৰ কুপন দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ এই কুপনৰ লটাৰীৰ জৰিয়তে গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠানৰ দিনা সন্ধিয়া ৬ বজাত ১ লাখ টকাৰ নগদ পুৰস্কাৰ বিতৰণ কৰা হ’ব ৷

Previous Post

কামৰূপ মহানগৰ জিলাত আৰম্ভ বিকশিত ভাৰত সংকল্প যাত্ৰা

Next Post

দুদিনীয়া অসম ভ্ৰমণত অসমৰ মহিলা আত্মসহায়ক গোটৰ পৰিৱৰ্তনশীল ভূমিকাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত সচিব হৰি ৰঞ্জন ৰাৱে

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দুদিনীয়া অসম ভ্ৰমণত অসমৰ মহিলা আত্মসহায়ক গোটৰ পৰিৱৰ্তনশীল ভূমিকাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত সচিব হৰি ৰঞ্জন ৰাৱে

দুদিনীয়া অসম ভ্ৰমণত অসমৰ মহিলা আত্মসহায়ক গোটৰ পৰিৱৰ্তনশীল ভূমিকাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত সচিব হৰি ৰঞ্জন ৰাৱে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7