ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ তৃতীয় মাহত প্ৰৱেশ কৰাৰ সময়তে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে অহা সপ্তাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰিব ৷ ৰাজধানী চহৰ কিয়েভৰ পাছত মস্কোৱে দক্ষিণ ইউক্ৰেইনতো আক্ৰমণ কৰিবলৈ পৰিকল্পনা কৰাৰ সময়তে যুদ্ধৰ সমাপ্তিৰ বাবে তেওঁ দুয়োগৰাকী ৰাষ্ট্ৰনেতাক আহ্বান জনাব ৷
ৰাষ্ট্ৰসংঘৰ মুৰব্বী গৰাকীয়ে মঙলবাৰে পুটিনক সাক্ষাৎ কৰিবলৈ মস্কো ভ্ৰমণ কৰিব। ৰাষ্ট্ৰসংঘৰ সহযোগী মুখপাত্ৰ এৰি কানেকোৱে কয়, “তেওঁ ইউক্ৰেইনত জৰুৰীভাৱে শান্তি ওভতাই অনাৰ বাবে কি কৰিব পাৰি সেই বিষয়ে কথা পাতিব বুলি আশা কৰা হৈছে ।”ৰাষ্ট্ৰসংঘই এক বিবৃতিত কয় যে মস্কো ভ্ৰমণৰ দুদিন পিছত বৃহস্পতিবাৰে গুটেৰেছে জেলেনস্কি আৰু ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰীক লগ ধৰিব ৷
দুয়োটা ভ্ৰমণতে, গুটেৰেছে যুদ্ধ বন্ধ কৰিবলৈ আৰু লোকসকলক সুৰক্ষিত স্থানলৈ নিয়াত সহায় কৰিবলৈ গ্ৰহণ কৰিব পৰা পদক্ষেপ সন্দর্ভত আলোচনা কৰিব ৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধ শনিবাৰে ৫৯ দিনত প্ৰৱেশ কৰ ৷