পশ্চিম বংগত পৰম্পৰাগত ভাৱে যুগ যুগ ধৰি অনুষ্ঠিত কৰি অহা দুৰ্গোৎসৱে পালে এক বিশেষ স্বীকৃতি,বিশেষ মৰ্য্যদা৷ প্ৰকৃতাৰ্থত সংযুক্ত ৰাষ্ট্ৰ সংঘৰ সাংস্কৃতিক বিভাগ ইউনেস্ক’ই ভাৰতবৰ্ষৰ পশ্চিমবংগত উদযাপিত দুৰ্গা পূজাক মানৱ সমাজৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্য সমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত কৰাৰ কথা বুধবাৰে আনুষ্ঠানিক ভাৱে ঘোষণা কৰে ৷
জানিব পৰা মতে ফ্ৰান্সৰ ৰাজধানী পেৰিছত ১৩ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হোৱা ইউনেস্ক’ৰ আন্তঃচৰকাৰী কমিটিৰ ১৬সংখ্যক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এক বিবৃতি যোগে ইউনেস্ক’ই এই কথা প্ৰকাশ কৰে যে – ‘ধৰ্ম আৰু কলাৰ সংযোগৰ উৎকৃষ্ট উদাহৰণ হ’ল দুৰ্গা পূজা ,য’ত শিল্পী আৰু ডিজাইনাৰৰ বিৰল প্ৰতিভাৰ সমাহাৰ ঘটে ৷’
এই খবৰে কেৱল পশ্চিম বংগকেই নহয় সমগ্ৰ ভাৰত বৰ্ষৰ বাবে এক আনন্দৰ বাতৰি কঢ়িয়াই আনিছে ৷দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই শুভ বাৰ্তাৰ প্ৰতি সহাৰি জনাই পশ্চিম বংগৰ জনতাৰ লগতে সমগ্ৰ ভাৰত বাসীক অভিনন্দন জ্ঞাপন কৰিছে ৷ আনহাতে বিশ্ব সংস্থটোৱেও অভিনন্দন জনাইছে সমগ্ৰ ভাৰতবাসীক৷