VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আগন্তুক সংসদ অধিৱশেনতে গৃহীত হ’ব নেকি ইউনিফৰ্ম চিভিল কোড সংশোধনী বিধেয়ক? আইন আয়োগৰ বিচাৰিছে মতামত

voicedesk by voicedesk
June 30, 2023
in মুখ্য সংবাদ
আগন্তুক সংসদ অধিৱশেনতে গৃহীত হ’ব নেকি ইউনিফৰ্ম চিভিল কোড সংশোধনী বিধেয়ক? আইন আয়োগৰ বিচাৰিছে মতামত
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

 

সংসদৰ আগন্তুক অধিৱেশনত নৰেন্দ্ৰ মোডী চৰকাৰে দেশত ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তনৰ বাবে বিধেয়ক উত্থাপন কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। এইবাৰ সংশ্লিষ্ট সংসদীয় সমিতিৰ হৈ কেন্দ্ৰীয় আইন আয়োগ আৰু আইন মন্ত্ৰালয়ৰ মতামত বিচৰা হৈছে। ৩ জুলাইত প্ৰতিনিধি প্ৰেৰণৰ বাবে আইন আয়োগ আৰু আইন মন্ত্ৰালয়লৈ জাননী প্ৰেৰণ কৰা হৈছে।

 

পৰৱৰ্তী পদক্ষেপত সংসদীয় সমিতিয়ে বিধেয়কখন উত্থাপন কৰিবলৈ কেন্দ্ৰক সেউজ সংকেত দিয়াৰ সম্ভাৱনা আছে। ১৪ জুনত কেন্দ্ৰৰ দ্বাৰা নিযুক্তিপ্ৰাপ্ত ২২ নং আইন আয়োগে ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন সন্দৰ্ভত বিভিন্ন ধৰ্মীয় সংগঠন আৰু সাধাৰণ জনতাৰ মতামত বিচাৰিছিল। আইন আয়োগে জনাইছে যে যোৱা মঙলবাৰৰ বিয়লিলৈকে এই বিষয়ত ৮ লাখ ৫০ হাজাৰ ব্যক্তি আৰু সংগঠনে সঁহাৰি জনাইছে।

 

তাৎপৰ্যপূৰ্ণভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও বর্ষাকালীন অধিৱেশনৰ পূৰ্বে ইউনিফৰ্ম চিভিল কোডৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোডীয়ে মঙলবাৰে মধ্যপ্ৰদেশৰ ভূপালত বিজেপিৰ বুথ কমিটীৰ সভাপতিৰ সৈতে ‘মেৰা বুথ সবছে মজবুত’ কাৰ্যসূচীত ইউনিফৰ্ম চিভিল কোডক সমৰ্থন কৰে। যদি দেশৰ প্ৰতিটো সম্প্ৰদায়ৰ বাবে সুকীয়া আইন থাকে, তেন্তে দেশখন আগবাঢ়িব নোৱাৰে বুলিও মোডীয়ে প্ৰকাশ কৰিছিল ৷

 

প্ৰসংগক্ৰমে সংবিধানৰ ৪৪ নং অনুচ্ছেদত উল্লেখ আছে যে দেশত ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তনৰ বাবে ৰাষ্ট্ৰই উদ্যোগ ল’ব পাৰে। অযোধ্যাৰ ৰাম মন্দিৰ, ৩৭০ বাতিল, নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিছে মোডী চৰকাৰে। ইউনিফৰ্ম চিভিল কোড এতিয়াও প্ৰৱৰ্তন কৰা হোৱা নাই। বিৰোধীৰ এটা অংশই অভিযোগ উত্থাপন কৰিছে যে বিজেপিয়ে পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ পূৰ্বে এই ইউনিফৰ্ম চিভিল কোড  প্ৰৱর্তন কৰিবলৈ চেষ্টা কৰিছে। মুছলমান সংগঠনসমূহে তেওঁলোকৰ মৌলিক অধিকাৰত হস্তক্ষেপ কৰা হৈছে বুলি আপত্তি কৰিছে।

Previous Post

মেট্ৰ’ ৰে’লেৰে দিল্লী বিশ্ববিদ্যালয়ৰ শতবর্ষ অনুষ্ঠানলৈ গ’ল, যুৱ সহযাত্ৰীৰে দিলে আড্ডা

Next Post

নগাঁৱৰ হাতীচোঙত শ্ৰীশ্ৰী বিষ্ণু বিগ্ৰহ প্ৰতিষ্ঠা,তিনিদিনীয়াকৈ মহাবিষ্ণু যজ্ঞ আৰম্ভ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নগাঁৱৰ হাতীচোঙত শ্ৰীশ্ৰী বিষ্ণু বিগ্ৰহ প্ৰতিষ্ঠা,তিনিদিনীয়াকৈ মহাবিষ্ণু যজ্ঞ আৰম্ভ

নগাঁৱৰ হাতীচোঙত শ্ৰীশ্ৰী বিষ্ণু বিগ্ৰহ প্ৰতিষ্ঠা,তিনিদিনীয়াকৈ মহাবিষ্ণু যজ্ঞ আৰম্ভ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7