লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ কাৰ্যকৰী কৰা হ’ব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ শনিবাৰে তেওঁ ঘোষণা কৰে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘কা’ ৰূপায়ণৰ সন্দৰ্ভত অধিসূচনা জাৰি কৰা হ’ব।
২০১৯ চনত দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত নৰেন্দ্ৰ মোদী চৰকাৰে ‘কা’ গৃহীত কৰিছিল। সেই আইন অনুসৰি বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ দৰে মুছলমান দেশৰ ধৰ্মীয় সংখ্যালঘুসকলে যদি ধৰ্মীয় নিৰ্যাতনৰ বাবে দেশত আশ্ৰয় বিচাৰে, তেন্তে ভাৰতে আশ্ৰয় প্ৰদান কৰাৰ লগতে নাগৰিকত্ব প্ৰদান কৰিব ৷ সংসদৰ দুয়োখন সদনে ‘কা’ বিধেয়কখন গৃহীত হোৱাৰ পাছতো ৰাষ্ট্ৰপতিগৰাকীয়ে সন্মতি প্ৰদান কৰে। কিন্তু এতিয়ালৈকে এই আইন প্ৰণয়ন হোৱা নাই।
জানুৱাৰী মাহত সংসদীয় সচিবালয়ে আইনখনৰ খচৰা প্ৰস্তুতৰ বাবে সপ্তমবাৰৰ বাবে সময় বৃদ্ধিৰ বাবে সেউজ সংকেত দিছিল। চৰকাৰী সূত্ৰ অনুসৰি সেই কাম সম্পূৰ্ণ হোৱাৰ পথত ৷ ৰাজনৈতিক বিশ্লেষকৰ এটা অংশৰ মতে, এই বিষয়টো চাৰে চাৰি বছৰ ধৰি বিবেচনাধীন হৈ থকাৰ ফলত হিন্দু শৰণাৰ্থী সম্প্ৰদায়ৰ এটা অংশৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। যাৰ বাবে লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰে ‘কা’ বলবৎ কৰিব পাৰে। শনিবাৰে দিল্লীত অনুষ্ঠিত এক আলোচনা সভাত শ্বাহে নিজেই এই কথা স্পষ্ট কৰি দিছে। তেওঁ কয়, “‘কা’দেশৰ আইন। ইয়াক বলবৎ কৰা হ’ব তাত কোনো সন্দেহ থাকিব নালাগে।”
‘কা’ বাতিল কৰাৰ দাবীৰে অসমত তীব্ৰ প্ৰতিবাদ হৈছিল আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ডঃ হীৰেণ গোহাইকে ধৰি বিভিন্ন দল সংগঠনে ইয়াৰ প্ৰতিবাদ কৰি আহিছে ৷‘কা’ৰ বিৰুদ্ধে গোচৰ তৰা হৈছে উচ্চতম ন্যায়ালয়ত ৷ ইয়াৰ মাজতে অমিত শ্বাহে কৰা ঘোষণাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷