সাম্ভাৱ্য বিপদৰ পৰা আজি কথমপি ৰক্ষা পৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৷ জাগীৰোডত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত হৈছে ।প্ৰাপ্ত তথ্য অনুসৰি তেলীৰ কনভয়ত থকা চাৰিখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে ৷ফলত বাহন কেইখনত থকা কেইবাজনো আৰোহী আঘাতপ্ৰাপ্ত হয় ।
তেওঁৰ সৈতে নিয়োজিত সুৰক্ষা কৰ্মীয়েও আঘাত লাভ কৰিছে বুলি জানিব পৰা গৈছে । গুৱাহাটীৰ পৰা কাজিৰঙা অভিমুখে গৈ আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কনভয়। দুৰ্ঘটনাত পতিত বাহন চাৰিখনৰ ভিতৰত দুখন ইন’ভা, এখন ছুইফ্ট ডিজায়াৰ আৰু এখন জীপ।দূর্ঘটনাত এখন বাহনৰ চালকসহ তিনিজন লোক আহত হয় বুলি জানিব পৰা গৈছে ৷