ৰাজ্যসভাত অসমৰ খালী হৈ থকা একমাত্ৰ আসনখনৰ বাবে মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মনোনয়ন পত্ৰ দাখিল কৰে।
কেন্দ্ৰীয় জাহাজ, বন্দৰ, জলপৰিবহন তথা আয়ুস বিভাগৰ মন্ত্ৰীগৰাকী বৰ্তমান মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক হৈ আছে।
মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত সোণোৱালে ক্ৰীড়া বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
মাজুলীৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত তেওঁ অসমত বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হৈছিল।
সোণোৱালে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত অসম বিধানসভা সচিবালয়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কৃষিমন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰা, হস্ততাঁত বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, বিটিচিৰ মুৰব্বী তথা ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো আৰু ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাও উপস্থিত আছিল।
ৰাজ্যসভাত অসমৰ এখন আসন খালী হৈ আছে। উল্লেখ্য যে অহা ৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।