বছৰ বছৰ ধৰি দীৰ্ঘদিনীয়া আলোচনা, বহু আপোচৰ অন্তত অৱশেষত ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে বিশ্বৰ সামুদ্ৰিক জীৱক সুৰক্ষাৰ বাবে একত্ৰিত হৈছে। কালি নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত প্ৰায় ৯:৩০ বজাত এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। সদস্য ৰাষ্ট্ৰসমূহে সামুদ্ৰিক প্ৰতিৰক্ষাৰ চৰ্তসমূহত সন্মতি দিয়াৰ সময়ত অধ্যক্ষ ৰেনা লীয়ে ঘোষণা কৰে যে এই ক্ষেত্ৰত সর্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷
সমাজকৰ্মীসকলে কয় যে এই আলোচনা ১৫ বছৰতকৈও অধিক সময় ধৰি চলি আছে। শেষত জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ বিষয়টো গুৰুত্বসহকাৰে চোৱা হৈছে। যোৱা ডিচেম্বৰ মাহত এক ঐতিহাসিক চুক্তি স্বাক্ষৰিত হৈছিল। কালি সেই চুক্তিত সকলো সদস্যই একমত প্ৰকাশ কৰিছে । চুক্তিখনত উল্লেখ কৰা হৈছে যে ২০৩০ চনৰ ভিতৰত পৃথিৱীৰ ৩০ শতাংশ ভূমি আৰু পানী সংৰক্ষণ কৰা হ’ব। এটা সংৰক্ষণ সংস্থাৰ সঞ্চালিকা লোৰা মেলাৰে কয় –“ সংৰক্ষণৰ বাবে এইটো এটা ঐতিহাসিক দিন। ভূ-ৰাজনৈতিক উত্তেজনা অতিক্ৰম কৰি এখন বিভক্ত পৃথিৱীয়ে প্ৰকৃতি আৰু মানুহক সুৰক্ষা দিবলৈ একত্ৰিত হৈছে।”
এই সন্দৰ্ভত শেহতীয়া বৈঠকসমূহো দীৰ্ঘদিন ধৰি চলি আহিছে। দুসপ্তাহজোৰা আলোচনা, শুকুৰবাৰ আৰু শনিবাৰে নিশা মাৰাথন অধিবেশনৰ অন্তত ৰাষ্ট্ৰসংঘই নিজৰ সিদ্ধান্তত উপনীত হয়।
শীঘ্ৰে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হ’ব বুজাবুজি চুক্তি। তাৰ আগতে কিছুমান নিয়ম অধিবক্তাই পৰীক্ষা কৰিব। এই সন্ধি ছটা ভাষালৈ অনুবাদ কৰা হ’ব। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে সংস্থাটোৰ প্ৰতিনিধিসকলক কয় যে এই চুক্তিখন বহুপক্ষীয়তাৰ বাবে এক জয়। তেওঁ লগতে কয়, “বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে বিশ্বৰ জলভাগসমূহ সুৰক্ষিত কৰাৰ বাবে যি সামগ্ৰিক প্ৰচেষ্টা চলোৱা হৈছে সেয়া সঁচাকৈয়ে এক বৃহৎ জয়।”
বিশেষজ্ঞসকলৰ মতে ‘উচ্চ সাগৰ’ বা গভীৰ সাগৰ উপকূলৰ পৰা ৩৭০ কিলোমিটাৰ দূৰত্বৰ পৰা আৰম্ভ হয়। এই অংশ কোনো দেশৰ অধিকাৰক্ষেত্ৰত নপৰে। বিশ্বৰ ৬০ শতাংশ সামুদ্ৰিক অঞ্চল গভীৰ সাগৰ। যদিও ই পৃথিৱীৰ প্ৰায় আধা অংশ সামৰি লৈছে, তথাপিও গভীৰ সাগৰ আৰু ইয়াৰ পৰিৱেশ ৰাষ্ট্ৰপ্ৰধানসকলৰ বাবে কোনো চিন্তাৰ বিষয় নহয়। কিন্তু মানুহৰ উশাহ-নিশাহৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ আধা এই সাগৰীয় পৰিৱেশ তন্ত্ৰত উৎপন্ন হয়। সাগৰে বিষাক্ত কাৰ্বন ডাই অক্সাইড শোষণ কৰে। কিন্তু জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, অত্যাধিক মাছ চিকাৰ—এই সকলোবোৰৰ ফলত সাগৰীয় জীৱ-জন্তু কমি গৈছে। বৰ্তমান গভীৰ সাগৰৰ মাত্ৰ ১ শতাংশহে সুৰক্ষিত। ৰাষ্ট্ৰসংঘৰ এখন সন্ধিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় জলসীমাত সাগৰীয় জীৱৰ বাবে সংৰক্ষিত অঞ্চল সৃষ্টিৰ অনুমতি দিয়া হ’ব।