মার্কিন যুক্তৰাষ্ট্ৰত বছৰটোৰ প্ৰথমজন অপৰাধীক বৃহস্পতিবাৰে মৃত্যুদণ্ড প্ৰদান কৰা হয় ৷ বিষাক্ত বেজী প্ৰদান কৰি মৃত্যুদণ্ড দিয়া অপৰাধীজন হৈছে ৪৬ বছৰীয়া ডনাল্ড গ্ৰাণ্ট ৷ ওকলাহোমাৰ এখন কাৰাগাৰত তেওঁক এই মাৰাত্মক বেজী প্ৰদান কৰা হয় ৷ ইয়াৰ পাছতে পুৱা ১০.১৬ বজাত তেওঁক মৃত ঘোষণা কৰা হয় ৷ এই বিষাক্ত বেজী প্ৰদান কৰাৰ ফলত শৰীৰত অত্যাধিক যন্ত্ৰনা অনুভুত হয় ৷ অপৰাধীজনে বিষাক্ত বেজীৰ পৰিৱর্তে তেওঁক গুলীয়াই মাৰিবলৈ আহ্বান জনাইছিল ৷ কিন্তু আদালতে তেওঁৰ আবেদন অগ্ৰাহ্য কৰি বিষাক্ত বেজী দি মৃত্যুদণ্ড দিয়াৰ ৰায় বাহাল ৰাখে ৷ বিষাক্ত বেজী দি মৃত্যুদণ্ড দিয়াৰ পদ্ধতি সাতবছৰৰ পাছত পুনৰ ওকলাহোমাত যোৱা অক্টোবৰৰ পৰা আৰম্ভ কৰা হৈছিল ৷ মাৰাত্মক বেজীৰে মৃত্যদণ্ড আৰম্ভ কৰাৰ পিছত ওকলাহোমাত এইটো হৈছে তৃতীয়টো মৃত্যুদণ্ড ৷
কিন্তু কি কাৰণত এই লোকজনক মৃত্যদণ্ড প্ৰদান কৰা হ’ল আপুনি জানেনে ? দুটাকৈ হত্যাৰ গোচৰত দোষী সাৱ্যস্ত হোৱাৰ পাছত তেওঁক প্ৰদান কৰা হৈছিল মৃত্যদণ্ড ৷ ২০০১ চনত এখন হোটেলত ডকাইতি কৰা সময়তে তেওঁ দুই কর্মচাৰীক হত্যা কৰিছিল ৷ এজন তেওঁৰ গুলীত থিতাতে নিহত হৈছিল ৷ আনজনক চুৰীৰে আঘাত কৰি গ্ৰাণ্টে হত্যা কৰিছিল ৷ পৰৱর্তী সময়ত আৰক্ষীক প্ৰদান কৰা ভাষ্য অনুসৰি কাৰাবন্দী প্ৰেমিকাৰ জামিনৰ বাবে ধনৰ প্ৰয়োজন হোৱাত তেওঁ হোটেলখন লুট কৰিবলৈ গৈছিল ৷ সেই সময়ত গ্ৰাণ্টৰ বয়স আছিল ২৫ বছৰ ৷ ২০০১ চনত ডনাল্ড গ্ৰাণ্টে সংঘটিত কৰিছিল এই ঘটনা ৷ দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত তেওঁক ২০০৫ চনত মৃত্যুদণ্ড দিয়া হৈছিল।তেতিয়াৰ পৰা তেওঁ বিভিন্ন অজুহাত দেখুৱাই শাস্তি প্ৰত্যাহাৰ কৰিবলৈ আবেদন দাখিল কৰিছিল । কিন্তু আদালতে তেওঁৰ মৃত্যুদণ্ড অব্যাহত ৰাখে ৷
শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত মৃত্যুদণ্ডৰ সংখ্যা হ্ৰাস পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২৩ খন প্ৰদেশে মৃত্যুদণ্ড প্ৰত্যাহাৰ কৰিছে ৷ আনহাতে কেলিফৰ্নিয়া, অৰেগন আৰু পেনচিলভেনিয়াই মৃত্যুদণ্ড প্ৰদানৰ ক্ষেত্ৰত স্থগিতাদেশ দিছে ৷ ওকলাহোমাত কেইবাটাও অপ্ৰয়োজনীয় মৃত্যুদণ্ডৰ বাবে ২০১৫ চনত ৰাজ্যখনত মৃত্যুদণ্ডৰ ওপৰত অস্থায়ী স্থগিতাদেশ দিয়া হৈছিল ৷ কিন্তু বিগত বর্ষত এই স্থগিতাদেশ প্ৰত্যাহাৰ কৰা হৈছিল।