মণিপুৰৰ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই ৷ ৰাজ্যখনত তালাচী অভিযানৰ সময়ত গুলীচালনাত নিহত হয় এজন বি এছ এফৰ জোৱান।আনহাতী গুলী লাগি আঘাতপ্ৰাপ্ত হোৱা আছাম ৰাইফলছৰ ২ জন জোৱান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । মণিপুৰৰ ছিৰৌত সংঘটিত হৈছে এই ঘটনা। নিৰাপত্তাৰক্ষীৰ অভিযানৰ সময়ত ৫ জুনৰ নিশা সংঘটিত হয় এই ঘটনা।
সেনাই টুইট কৰি কয়- এজন বি এছ এফ জোৱানৰ মৃত্যু হৈছে। ছিৰৌত আছাম ৰাইফলছৰ ২ জন জোৱান গুৰুতৰভাৱে আহত হৈছে ৷ সেনা বিষয়াই সংবাদ সংস্থা এএনআইক জনোৱা মতে, আছাম ৰাইফলছৰ আহত জোৱানক হেলিকপ্টাৰেৰে মন্ত্ৰীপুখৰীলৈ লৈ যোৱা হয়। তাতেই তেওঁৰ চিকিৎসা চলি আছে।
সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, আছাম ৰাইফলছ, বি এছ এফ আৰু আৰক্ষীৰ যৌথ দলে এৰিয়া ডমিনেচন অভিযানৰ সময়ত ছিৰৌ অঞ্চলত গুলীয়াগুলী সংঘটিত হয় । এজন বি এছ এফ জোৱানৰ তাতেই মৃত্যু হয়। আছাম ৰাইফলছৰ ২ জন জোৱান আহত হয় ৷ এতিয়াও অব্যাহত আছে অঞ্চলটোত তালাচী অভিযান। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে শনিবাৰৰ পৰা সেনা, অসম ৰাইফলছ, আৰক্ষী আৰু চিআৰপিএফৰ যৌথ দলে পাহাৰীয়া অঞ্চল আৰু উপত্যকা অঞ্চলত এৰিয়া ডমিনেচনৰ কাম চলাই আহিছে।
যোৱা ৩ মে’ত জনজাতি সম্প্ৰদায়ৰ সমাৱেশৰ পৰা মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাৰ সহায় লোৱা হয়। ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে ৰাজ্যখনত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৪ দিনীয়া সূচীৰে মণিপুৰ ভ্ৰমণ কৰিছিল । ইম্ফলৰ পৰাই মণিপুৰৰ ৰাইজক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় তেওঁ । কিন্তু মণিপুৰত শান্তি ঘুৰি অহাৰ পৰিৱর্তে উত্তপ্ত পৰিস্থিত অব্যাহত আছে ৷