গুজৰাটত দেওবাৰে হোৱা প্ৰৱল বৰষুণ, বজ্ৰপাত আৰু শিলাবৃষ্টিৰ ফলত কমেও ২০ জন লোকৰ মৃত্যু হৈছে ৷ সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি গুজৰাটৰ ১৩খন জিলাত বজ্ৰপাতৰ ফলত ২০ জন লোকৰ মৃত্যু হৈছে। ইফালে, সোমবাৰেও গুজৰাটৰ একাংশ অঞ্চলত দুৰ্যোগৰ ভৱিষ্যদ্বাণী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি উত্তৰ-পূব আৰব সাগৰত ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে। গুজৰাট প্ৰশাসনৰ তথ্য অনুসৰি দেওবাৰে বজ্ৰপাতৰ ফলত দহোৰ জিলাৰ তিনিজন, ভাৰুচ জিলাৰ তিনিজন আৰু টাপি জিলাৰ দুজন লোকৰ মৃত্যু হয়। ইয়াৰ বাহিৰেও আহমেদাবাদ, আমৰেলী, খেৰা, মেহছানা আদি কিছু জিলাত এই দুৰ্যোগত কেইবাজনো লোকৰ মৃত্যু হয়। যদিও প্ৰথম অৱস্থাত ২০ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছিল, তথাপিও এই সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পৰিসংখ্যা অনুসৰি চুৰাট, সুৰেন্দ্ৰনগৰ, খেৰা, টাপি, আমৰোলাৰ দৰে জিলাত ১৬ ঘন্টাত ৫০ৰ পৰা ১১৭ মিলিমিটাৰ বৰষুণ হয়। গুজৰাটৰ কেইবাখনো জিলাৰ লগতে দেওবাৰে সংলগ্ন ৰাজস্থানৰ কিছু অংশতো শিলাবৃষ্টি হয়। ২০ জন লোকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।